শ্ৰীভূমি, ০৪ আগষ্ট (হি.স.)। পোন প্ৰথমবাৰৰ বাবে শ্ৰী ভূমি জিলাৰ পাথাৰকান্দিত শুভাৰম্ভ কৰা হৈছে এটি আগৰৰ কাৰখানা। এতিয়া হোজাইৰ লগতে আন আন স্থানৰ ব্যৱসায়ীযে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব আগৰ । অসম-ত্রিপুৰা সীমান্তৱৰ্তী কাঠালতলীত শ্ৰী শ্ৰী মা দুৰ্গা আগৰ উড ইণ্ডাষ্ট্ৰিৰ শুভ উদ্ধোধন কৰে ৰাজ্যৰ মৎস্য, পশুপালন আৰু পূর্ত দপ্তৰৰ মন্ত্রী কৃষেন্দ্ৰু পালে। দেওবাৰে প্ৰায় সন্ধিয়াৰ ভাগত ফিতা কাটি ইণ্ডাষ্ট্ৰিটোৰ উদ্ধোধন কৰে ।
উদ্ধোধনী সংগীতৰ পাছত ইণ্ডাষ্ট্ৰি প্ৰাংগণত অনুষ্ঠিত হয় এখন সভা। সভাখনত আগৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বসকলে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মন্ত্রী কৃষেন্দ্ৰু পাল। সাংবাদিকৰ সৈতে কথা পাতি মন্ত্রীজনে কয়—শ্ৰী ভূমি জিলাৰ তথা পাথাৰকান্দি সমষ্টিৰ লোয়াইৰপোয়া ব্লকৰ অন্তৰ্গত বাঘন গাঁও পঞ্চায়তৰ মদন গোৱালাই এই আগৰ উড ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিছে আৰু এই ইণ্ডাষ্ট্ৰিৰ জৰিয়তে আগৰ কাঠ আৰু যুৱ ব্যৱসায়ীসকল লাভান্বিত হ’ব। এই সাহসী পদক্ষেপ লোৱাৰ বাবে মদন গোৱালাক তেওঁ অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয়— মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগৰৰ ক্ষেত্ৰত ফৰেষ্ট লয়েলিটিত শিথিলতা অনাৰ লগতে কেৱল ৫ শতাংশ জিএছটি দিবলগীয়া হৈছে। অসম চৰকাৰৰ অৰ্থনীতিত আগৰ কাঠ বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্রীজনে বিশ্বাস প্ৰকাশ কৰে। তেওঁ লগতে উল্লেখ কৰে— আগৰ কাঠ মূলত শ্ৰীভূমি জিলাতেই বেছি হয় আৰু ইয়াৰপৰা হোজাইলৈ লৈ গৈ ব্যৱসায় কৰে বহু ব্যবসায়ীয়ে। এতিয়া ইয়াতে আগৰ তেল উৎপাদন কৰিবলৈ শিক্ষক মদন গোৱালাই আগবাঢ়ি আহিছে। আগৰ ব্যৱসায়ৰ সৈতে জড়িত সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে মন্ত্রীজনে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
