বুডাপেষ্ট, ০১ আগষ্ট (হি.স.)। চাৰিবাৰৰ ফৰ্মুলা ৱান বিশ্ব চেম্পিয়ন মেক্স ভাৰ্ষ্টাপেনে অহা ছিজনত মাৰ্চিডিজত যোগদান কৰাৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে। হাংগেৰীৰ গ্ৰেণ্ড প্ৰিক্সৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰ্ষ্টাপেনে স্পষ্ট কৰি দিয়ে যে অনাগত বছৰতো ৰেড বুল দলৰ সৈতে ৰেচিং অব্যাহত ৰাখিব।
সাংবাদিকৰ আগত তেওঁ কয়, মই ভাবো এতিয়া উৰাবাতৰিৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে। মোৰ বাবে সদায় স্পষ্ট আছিল যে মই ইয়াতেই থাকিম। দলত আমি গাড়ীখনৰ প্ৰদৰ্শনৰ বিষয়ে অহৰহ আলোচনা কৰি আহিছো। যেতিয়া আপুনি দল এৰি যাব ওলাইছে, তেতিয়া এনে কথা বন্ধ হৈ যায়। কিন্তু মই কেতিয়াও তেনেকুৱা কৰা নাছিলো।
মন কৰিবলগীয়া যে অহা বছৰৰ পৰা ফৰ্মুলা ৱানৰ ইঞ্জিনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন হ’ব। এই নতুন যুগত মাৰ্চিডিজে আগশাৰীৰ স্থানত থাকিব বুলি আশা কৰা হৈছে, আনহাতে ৰেড বুলে এতিয়া হোণ্ডাৰ পৰা পৃথক হোৱা নতুন শক্তি ইউনিটৰ কাম কৰি আছে।
যদিও ভাৰ্ষ্টাপেনৰ চুক্তিত ব্ৰেক ক্ল’জ আছে, তথাপিও সেইবোৰ কাৰ্যকৰী হোৱা নাই। এই ছিজনত ১৩খন ৰেচত দুটা জয়ৰে মিড ছিজন ষ্টেণ্ডিঙত তৃতীয় স্থানত আছে। ৰেড বুলৰ সৈতে তেওঁৰ চুক্তি ২০২৮ চনলৈকে।
শেহতীয়াকৈ ৰেড বুল দলৰ বছ খ্ৰীষ্টিয়ান হৰ্নাৰক বৰ্খাস্ত কৰাটোও ভাৰ্ষ্টাপেনক দলত ৰখাৰ কৌশল হিচাপে দেখা গৈছে।
ভাৰ্ষ্টাপেনে কয়, “কিছুমান মানুহে কেৱল অভিনয় কৰি ভাল পায়, কিন্তু মোৰ বাবে সেয়া সদায় স্পষ্ট আছিল।”
একে সময়তে মাৰ্চিডিজৰ বছ ট’ট’ উলফে শেহতীয়াকৈ ইংগিত দিছে যে তেওঁৰ অগ্ৰাধিকাৰ হৈছে বৰ্তমানৰ ড্ৰাইভাৰ লাইনআপ – জৰ্জ ৰাছেল আৰু ইটালীৰ ড্ৰাইভাৰ কিমি এণ্টনেলিক ধৰি ৰখা।
জৰ্জ ৰাছেলেও পৃথকে পৃথকে কয়, মই অহা বছৰ মাৰ্চিডিজৰ হৈ দৌৰ দিম, তাত কোনো সন্দেহ নাই। কিন্তু আগষ্টৰ বিৰতিৰ পিছতহে চুক্তি স্বাক্ষৰিত হ’ব। ১৬ বছৰ বয়সৰ পৰা মাৰ্চিডিজৰ পৰিচালনাৰ অধীনত থকা ৰাছেলে কয় যে তেওঁ আৰু উলফে বৰ্তমান চুক্তিৰ ওপৰত নহয়, দলৰ প্ৰদৰ্শন উন্নত কৰাতহে মনোনিৱেশ কৰিছে।
বৰ্তমান মোৰ আৰু মাৰ্চিডিজৰ বাবে চুক্তিৰ বাবে কোনো খৰখেদা নাই বুলিও কয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
