হাংঝু, ২৪ অক্টোবৰ (হি.স.)। ভাৰতৰ প্ৰাচী যাদৱে মঙলবাৰে চলি থকা চতুৰ্থ এছিয়ান পেৰা গেমছত কেনু মহিলা কে এল ২ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰে।
ইয়াৰ পূৰ্বে মহিলাৰ ভি এল ২ ফাইনেলত ৰূপৰ পদক লাভ কৰাৰ পিছত মহিলা কে এল ২ ইভেণ্টত ৫৪.৯৬২ ছেকেণ্ড সময়েৰে শীৰ্ষস্থান দখল কৰে। চীনৰ ছানছান ৱাঙে ৫৫.৬৭৪ ছেকেণ্ডৰ সময়েৰে ৰূপৰ পদক লাভ কৰে । আনহাতে ইৰাণৰ ৰ’য়া ছ’লতানীয়ে ৫৬.৭১৪ ছেকেণ্ডৰ সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰথম দিনাই প্ৰাচীয়ে ১:০৩.৪৭ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ইৰোডাখনে ১:০২.১২৫ ছেকেণ্ডত স্বৰ্ণ পদক লাভ কৰে। জাপানৰ ছাকি কোমাটছুৱে ১:১১.৬৩৫ ছেকেণ্ডত ব্ৰঞ্জৰ পদক লাভ কৰে।
আনহাতে মনীষ কৌৰভে দ্বিতীয় দিনা কেন’ পুৰুষৰ কে এল ৩ ফাইনেল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ হৈ পদকৰ সংখ্যা আৰম্ভ কৰে। মনীষে ৪৪.৬০৫ ছেকেণ্ড সময় সংগ্ৰহ কৰি প’ডিয়ামত স্থান দখল কৰাৰ লগতে স্বৰ্ণ পদকৰ পৰা মাত্ৰ ২.৩৪৭ ছেকেণ্ড হেৰুৱাই পেলায়। উজবেকিস্তানৰ খাছান কুলদাশ্বেভে ৪২.২৫৮ ছেকেণ্ডৰ সময়েৰে স্বৰ্ণ পদক লাভ কৰে। আনহাতে কাজাখস্তানৰ জালগাছ টাইকেনভে ৪৪.৬০৫ ছেকেণ্ডৰ সময়েৰে ৰূপৰ পদক লাভ কৰে।
ভাৰতীয় দলটোৱে প্ৰথম দিনাৰ সফলতাৰ পুনৰাবৃত্তি কৰিব বিচাৰিছে। প্ৰথম দিনাই ভাৰতীয় দলটোৱে ১৭টা পদক লাভ কৰিছিল, য’ত ৬টা সোণ, ৬টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক আছিল।
এইবাৰ ভাৰতে মহাদেশীয় ইভেণ্টৰ বাবে সৰ্ববৃহৎ দল এছিয়ান পেৰা গেমছৰ চতুৰ্থ সংস্কৰণলৈ ৩০৩গৰাকী খেলুৱৈ (১৯১গৰাকী পুৰুষ আৰু ১১২গৰাকী মহিলা)ৰ এটা দল প্ৰেৰণ কৰিছে। ২০১৮ চনৰ এছিয়ান পেৰা গেমছত ভাৰতে মুঠ ১৯০ গৰাকী খেলুৱৈক পঠিয়াইছিল আৰু ১৫ টা স্বৰ্ণকে ধৰি ৭২ টা পদক লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
