নগাঁও, ২৯ জুলাই (হি.স.): উৰিয়ামঘাটৰ পিছতেই উচ্ছেদৰ প্ৰস্তুতি চলিছে চামগুৰি সমষ্টিৰ কেইবাটাও প্ৰান্তত। যোৱা দুদিন আগতেই চামগুৰি ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিলে জাননী।
ইফালে জাননী পোৱাৰ পিছতেই বহু ঘৰ খালি কৰি দিয়াও পৰিলক্ষিত হয়, ঘৰ এৰিছে কেইবাটাও পৰিয়ালে। ২০০ শ টা পৰিয়ালে বেলগুৰিত গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় ৩৮৯ বিঘা ৭ কটা ৪ লেচা ভূমি বেদখল কৰি ৰাখিছিল উক্ত লোকসকলে। প্ৰশাসনে ইতিমধ্যে ঘৰে ঘৰে গৈ জাননী জাৰী কৰাৰ পাছতেই এতিয়া আঁতৰি গৈ আছে বেদখল কাৰি সকল। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিসকলে ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন কৰি ভূমি নথকা পৰিয়ালক ভূমি প্ৰধান কৰাৰ চৰকাৰৰ ওচৰত দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
