কাম্পালা, ২৯ জুলাই (হি.স.)। সহ-আয়োজক উগাণ্ডাই আগন্তুক কনফেডাৰেচন অৱ আফ্ৰিকান ফুটবল (চি এ এফ) আফ্ৰিকান নেচনছ চেম্পিয়নশ্বিপ ২০২৪ৰ বাবে চূড়ান্ত ২৫ জনীয়া দল ঘোষণা কৰিছে। সোমবাৰে এই ঘোষণা কৰে দলীয় প্ৰশিক্ষক মৰ্লি বাইকৱাছ’ আৰু ফ্ৰেড মুহুমুজাই।
কেৱল ঘৰুৱা লীগত খেলা খেলুৱৈৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাখন ২ আগষ্টৰ পৰা ৩০ আগষ্টলৈকে উগাণ্ডা, কেনিয়া আৰু তাঞ্জানিয়াই যৌথভাৱে আয়োজন কৰিব।
আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰথমে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ২০২৫ চনলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল চি এ এফে।
উগাণ্ডাৰ দলটোৱে ঘোষণা কৰা অনুসৰি ভাইপাৰ্ছ এছ চিৰ মিডফিল্ডাৰ এলান অকেলোক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে জোৱেল মুটাকুবৱা আৰু ৰজাৰ্ছ অচাকি টোৰাচাক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
এই প্ৰতিযোগিতাত সপ্তমবাৰৰ বাবে অংশগ্ৰহণ কৰা উগাণ্ডাৰ দলটোৱে গ্ৰুপ চিত দক্ষিণ আফ্ৰিকা, নাইজাৰ, গিনি আৰু আলজেৰিয়াৰ বিৰুদ্ধে খেলিব।
প্ৰশিক্ষক মৰ্লি বাইকৱাছ’ৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে আমি এটা অতি প্ৰতিযোগিতামূলক দল নিৰ্বাচন কৰিছো আৰু প্ৰতিযোগিতাখনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছো।যোৱা সপ্তাহত আমি তাঞ্জানিয়া আৰু চেনেগালৰ বিৰুদ্ধে খেলিছিলো, যাৰ ফলত আমাৰ অভাৱসমূহৰ উন্নতিৰ সুযোগ পাইছিলোঁ।
উল্লেখযোগ্য যে উগাণ্ডাই এতিয়ালৈকে ছটা প্ৰচেষ্টাত গ্ৰুপ পৰ্যায়ৰ বাহিৰলৈ কেতিয়াও আগবাঢ়িব পৰা নাই।
উগাণ্ডাৰ সূচী তলত দিয়া ধৰণৰ:
৪ আগষ্ট: বনাম আলজেৰিয়া (মেণ্ডেলা নেচনেল ষ্টেডিয়াম, কাম্পালা)
৮ আগষ্ট: বনাম গিনি
১১ আগষ্ট: নাইজাৰৰ বিৰুদ্ধে
১৮ আগষ্ট: বনাম দক্ষিণ আফ্ৰিকা
ঘোষণা কৰা ২৫ জনীয়া দলটো এনেধৰণৰ–
গ’লৰক্ষক : ডেনিছ কিগুণ্ডু, জোৱেল মুটাকুবৱা, ক্ৰীস্পাছ কুচিমা।
ডিফেণ্ডাৰ : আৰ্নল্ড অডং, নিকোলাছ ম্ৱেৰে, গিডিয়ান অডং, হাৰ্বাৰ্ট আচাই, ৰজাৰ্ছ টৰাচ, লাজাৰো মুহিণ্ডো, হিলাৰী মুকুণ্ডানে, গেভিন কিজিটো।
মিডফিল্ডাৰ : জোচেফ ইয়ংমেন মাৰ্ভিন, এলভিছ এনগণ্ডে, পেট্ৰিক জোনাহ কাকাণ্ডে, এলান অকেলো (অধিনায়ক), জোৱেল চেৰুঞ্জোগি, ইনক চেবাগালা, আব্দু কৰিম ৱাটাম্বালা।
ফৰৱাৰ্ড : জুড চেমুগাবি, ইভান আহিম্বিচিবৱে, আৰাফাত কিজা উছামা, ইউনুছ জুনিয়ৰ চেন্টামু,
ৰেগান ম্পাণ্ডে, ইমানুৱেল আনয়ামা,
শ্বাফিক নানা কুইকিৰিজা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
