ৱাশ্বিংটন, ২৬ জুলাই (হি.স.)। ছিৰিয়াত গেৰিলা অভিযানত আমেৰিকান সেনাই শুকুৰবাৰে সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া (আইএছআইএছ)ৰ এজন জ্যেষ্ঠ নেতা আৰু তেওঁৰ দুই পুত্ৰক হত্যা কৰে। এই তথ্য আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড (চেণ্টকম)ৰ প্ৰকাশত দিয়া হৈছে। আইছিছক ইছলামিক ষ্টেট (আইএছ), ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড লেভেণ্ট (আইএছআইএল), বা ডায়েছ বুলিও কোৱা হয়। এই সন্ত্ৰাসবাদী ইছলামিক গোট ইৰাক আৰু ছিৰিয়াত সক্ৰিয়।
চিএনএনৰ বাতৰি অনুসৰি, চেণ্টকমৰ বিবৃতিত কোৱা হৈছে যে আই এছৰ জ্যেষ্ঠ নেতা ধিয়া জৌবা মুছলিহ আল হাৰ্দানি, তেওঁৰ দুজন কণমানি পুত্ৰ আব্দুল্লা ধিয়া আল হাৰ্দানি আৰু আব্দ আল ৰহমান ধিয়া জৌবা আল হাৰ্ডানীয়ে আমেৰিকা আৰু মিত্ৰশক্তিৰ বাহিনীৰ লগতে ছিৰিয়াৰ নতুন চৰকাৰৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। ঘটনাস্থলীত উপস্থিত থকা তিনিটা শিশু আৰু তিনিগৰাকী মহিলাৰ কোনো ক্ষতি হোৱা নাই। চিএনএনৰ মতে, চেণ্টকমে প্ৰকাশ কৰা তথ্যত এই অভিযান সন্দৰ্ভত আৰু কোনো তথ্য দিয়া নাই।
চেণ্টকমৰ অধিনায়ক জেনেৰেল এৰিক কুৰিলাই বিবৃতিটোত কয় যে, আমি আইছিছৰ সন্ত্ৰাসবাদীক অদম্যভাৱে খেদি যাম। তেওঁলোক আকাশত হওক বা মাটিত হওক। উল্লেখযোগ্য যে আমেৰিকাই দীৰ্ঘদিন ধৰি মিত্ৰশক্তিৰ বাহিনীৰ সৈতে ছিৰিয়া আৰু ইৰাকত আইছিছ বিৰোধী অভিযান চলাই আহিছে। মে’ মাহত ইৰাকত এজন আৰু ছিৰিয়াত এজন সন্ত্ৰাসবাদীক আমেৰিকান সেনাই হত্যা কৰিছিল। ইয়াৰ পূৰ্বে মাৰ্চ মাহত আমেৰিকান সেনাই ইৰাকত এক নিৰ্দিষ্ট বিমান আক্ৰমণত সন্ত্ৰাসবাদী সংগঠনটোৰ অভিযান মুৰব্বী তথা প্ৰতিনিধি সমিতিৰ আমিৰ আব্দুল্লাহ মাক্কি মুছলিহ আল ৰিফাই আৰু আন এজন আইছিছ সন্ত্ৰাসবাদীক হত্যা কৰিছিল।
ছিৰিয়াৰ পৰা প্ৰায় আধা সেনা প্ৰত্যাহাৰ কৰা বুলি এপ্ৰিল মাহত আমেৰিকাই ঘোষণা কৰিছিল। পেন্টাগনৰ মুখপাত্ৰ শ্বেন পাৰ্নেলে কৈছিল যে ইয়াৰ ফলত ছিৰিয়াত হাজাৰতকৈও কম আমেৰিকান সৈন্য থাকিব। উল্লেখযোগ্য যে শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে হায়াত তাহৰিৰ আল শ্বাম (এইচটিএস)ক বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। এই সংগঠনটো এসময়ত ছিৰিয়াৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ নেতৃত্বত সক্ৰিয় আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
