গোলাঘাট, ২৪ জুলাই (হি.স.)। সৰুপথাৰৰ উৰিয়ামঘাটত উচ্ছেদৰ বুজ লবলৈ কালিলৈ অৰ্থাৎ ২৫ জুলাইত উৰিয়ামঘাটত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । কালি দিনৰ ১২.৩০ বজাত উৰিয়ামঘাটত উপস্থিত হ’ব মুখ্যমন্ত্ৰী গৰাকী। আনহাতে বেদখলকাৰী সকলক বন বিভাগে প্ৰেৰণ কৰা জাননীৰ সময় সীমা অন্ত পৰাৰ পিছতে শীঘ্ৰেই ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান ।
চৰকাৰৰ জাননী পোৱাৰ পিছতে দিনে নিশাই হাজাৰ হাজাৰ বেদখলকাৰীয়ে এৰিছে উৰিয়ামঘাট ।উৰিয়ামঘাট আৰক্ষী থানাৰ সম্মুখত বেদখলকাৰী গাড়ীৰ দীঘলীয়া শাৰী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
