নতুন দিল্লী, ২২ জুলাই (হি.স.)। বিলি জিন কিং কাপৰ ফাইনেল অহা ১৬ ছেপ্টেম্বৰত শ্বেনজেনত আৰম্ভ হ’ব আৰু ডিফেণ্ডিং চেম্পিয়ন ইটালীয়ে আয়োজক চীনৰ বিৰুদ্ধে খেলিব। সোমবাৰে এই তথ্য প্ৰদান কৰে প্ৰতিযোগিতাখনৰ আয়োজকসকলে।
ইটালীৰ দলত আছে বিশ্বৰ ৯ নম্বৰ জেচমিন পাওলিনি, আনহাতে চীনৰ নেতৃত্বত থাকিব অলিম্পিক চেম্পিয়ন ঝেং কিনৱেন। সাধাৰণতে নৱেম্বৰ মাহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন যদিও এইবাৰ ডব্লিউ টি এ ট্যুৰৰ এছিয়ান ছুইঙৰ লগত সংগতি ৰাখি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হৈছে।
১৭ ছেপ্টেম্বৰত স্পেইন আৰু ইউক্ৰেইনৰ মাজত অনুষ্ঠিত হ’ব আনখন কোৱাৰ্টাৰ ফাইনেল, য’ত বিশ্বৰ ১০ নম্বৰ স্থানৰ প’লা বাডোছা একচনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত ১৮ ছেপ্টেম্বৰত আমেৰিকাই কাজাখস্তানৰ বিৰুদ্ধে আৰু ব্ৰিটেইনৰ বিৰুদ্ধে জাপানৰ বিৰুদ্ধে খেলিব।
১৯ আৰু ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ছেমি ফাইনেল খেল। আনহাতে ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
