– বিশিষ্ট লেখক-অনুবাদক, আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° আৰুণি কাশ্যপৰ অংশগ্ৰহণ
গুৱাহাটী, ২২ জুলাই (হি.স.)। অসম সাহিত্য সভাৰ অনুবাদ প্রকল্প উপসমিতিৰ উদ্যোগত সোমবাৰে গুৱাহাটীস্থিত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত ‘‘আলাপ” শীর্ষক এক গুৰুত্বপূর্ণ বৌদ্ধিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুবাদৰ জৰিয়তে অসমীয়া সাহিত্যৰ বিশ্ব-সমাদৰৰ সম্ভাৱনা আৰু পথ উদ্ভাৱনা শীর্ষক বিষয়ত আয়োজিত এই অনুষ্ঠানত অনুবাদ সাহিত্যৰ ভবিষ্যৎ আৰু প্রয়োজনীয়তা সন্দৰ্ভত এক গভীৰ আলোচনা কৰা হয়। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, অনুবাদক, আমেৰিকাৰ জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা হার্ভার্ড ৰে’ডক্লিফ ইনষ্টিটিউটৰ ফেল’ ড° আৰুণি কাশ্যপ। তেওঁ অনুবাদ সাহিত্যৰ শক্তি, সাংস্কৃতিক বিনিময়ৰ ভূমিকা আৰু অসমীয়া সাহিত্যক বিশ্বৰ অন্যতম সাহিত্যস্বৰূপে প্রতিষ্ঠা কৰাৰ পথসমূহ দাঙি ধৰে।
অধ্যাপক আৰুণি কাশ্যপে কয় যে তথ্য-প্রযুক্তি আৰু ডিজিটেল মাধ্যমৰ যুগত তথ্যৰ বিস্ফোৰণ ঘটিলেও সমাজৰ জ্ঞান, অনুভুতি, বিশ্লেষণধৰ্মীতা আৰু সাংস্কৃতিক অন্তর্দৃষ্টি বিকাশত অনুবাদৰ ভূমিকা অনস্বীকাৰ্য। অভিজ্ঞতাভিত্তিক বক্তব্য দাঙি ধৰি ড° কাশ্যপে কয় যে বিদেশৰ বিশেষকৈ পশ্চিমীয়া দেশসমূহৰ প্রকাশক এজেন্টসকলে যেতিয়া তন্নতন্নকৈ পাণ্ডুলিপি নিৰীক্ষণ কৰে প্রায়ে তেতিয়া অসমৰ পটভূমিকেন্দ্ৰিক লেখনি নাকচ কৰা দেখা যায়। তেওঁলোকে ঘাইকৈ আগশাৰী দেশৰ আন্তর্জাতিক আবেদন সম্পন্ন লেখনিকহে অগ্রাধিকাৰ দিয়ে আৰু প্ৰায়ে কয় যে, অসমৰ পটভূমিত উপন্যাস লিখা বন্ধ কৰা। এনেধৰণৰ মন্তব্যই এজন অসমীয়া হিচাপে আমাক যথেষ্ট আঘাত দিলেও আমি পিছহুহুকি থকা অনুচিত বুলি ভাৱিয়ে নিজৰ মৌলিক সৃষ্টিকর্ম আগবঢ়াই নিওঁ আৰু তাৰ মাজতে কেইগৰাকীমান এজেন্টে পৰৱৰ্তী সময়লৈ অপেক্ষা কৰিবলৈয়ো সহানুভূতি দেখুওৱায়।
আলাপ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই কয় যে আমি এনে এজন পিতৃক শ্রদ্ধা জনাব লাগে, যিগৰাকীয়ে নিজৰ সন্তানক সমাজত মূৰ দাঙি তুলি ধৰিব পৰাকৈ প্রস্তুত কৰে আৰু সেইগৰাকী পিতৃ ড° সূৰ্য দাসৰ বাবেই আমি আন্তর্জাতিক খ্যাতিসম্পন্ন যুৱ উদ্যমী, লেখক, অনুবাদক, অধ্যাপক ড° আৰুণি কাশ্যপক লাভ কৰিছোঁ।
অনুবাদ প্রকল্প উপসমিতিৰ কাৰ্যকৰী সভাপতি ড° দীপকজ্যোতি বৰুৱাই অসমত সাহিত্য অনুবাদৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে যৌথ উদ্যোগৰ প্রয়োজনীয়তা ব্যক্ত কৰে। অনুবাদ প্রকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈয়ে অনুষ্ঠানটোৰ আঁত ধৰি অতিথিসকলক আদৰণি জনায় আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ আগন্তুক পৰিকল্পনাসম্বন্ধে আভাস দাঙি ধৰি কয় যে শাৰদীয় দুর্গাৎসৱৰ সময়তে সভাই অনুবাদৰ কৰ্মশালা অনুষ্ঠিত কৰি অসমৰ সাহিত্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ পৰিকল্পনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
