নতুন দিল্লী, ১৪ জুলাই (হি.স.)।ভাৰতৰ যুৱ দবা খেলুৱৈ দিব্যা দেশমুখে ক্ৰ’ৱেচিয়াৰ টিওডোৰা ইঞ্জাকক পৰাস্ত কৰি চলি থকা ফিডে মহিলা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
দেওবাৰে অনুষ্ঠিত খেলখনত দিব্যই প্ৰথমখন খেলত ক’লা টুকুৰাৰে খেলি ইঞ্জকক পৰাস্ত কৰে। ইয়াৰ পিছত দ্বিতীয়খন খেল ড্ৰ’ হয়, যাৰ ফলত তাই তৃতীয় ৰাউণ্ডত জয়ী হৈ পৰৱৰ্তী ৰাউণ্ডৰ টিকট লাভ কৰাত সহায় কৰে।
দিব্যাৰ পিছত ভাৰতৰ জ্যেষ্ঠ খেলুৱৈ কনেৰু হাম্পিয়েও প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পোলেণ্ডৰ ক্লাউডিয়া কুলনক পৰাস্ত কৰে। হাম্পীৰ প্ৰথমখন খেলত ড্ৰ’ হৈছিল যদিও দ্বিতীয়খন খেলত ক’লা টুকুৰাৰে জয়ী হৈছিল।
একে সময়তে ভাৰতৰ আন তিনিগৰাকী অংশগ্ৰহণকাৰী – বন্তিকা আগৰৱালা, আৰ বৈশালি আৰু হৰিকা দ্ৰোণৱল্লীয়েও তৃতীয় ৰাউণ্ডত মেচ খেলিছে যদিও তেওঁলোকৰ সকলো খেল ড্ৰ’ হৈছিল।
এতিয়া সকলোৰে দৃষ্টি পৰৱৰ্তী ৰাউণ্ডৰ ওপৰত, য’ত ভাৰতীয় দবা খেলুৱৈসকলৰ পৰা আন এক শক্তিশালী প্ৰদৰ্শনৰ আশা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
