শিৱসাগৰ, ১০ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় পাঞ্জাত সোণৰ মেডেল পালে আমগুৰিৰ পৰিস্মিতাই। পিপল’চ্ আম ৰেচলিং ফেডাৰেচন অফ ইণ্ডিয়াই কেৰালাৰ ট্ৰিশূৰত অনুস্থিত কৰা নেচনেল আৰ্ম ৰেচলিং চেম্পিয়নচিপ আৰু পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বীপত ৭০ কেজি শাখাত উক্ত সম্মান বুটলিবলৈ সক্ষম হয় । পৰিস্মিতা আমগুৰি অভয়পিৰিয়া গাঁৱৰ দিগন্ত গগৈ আৰু জয়ালক্ষী গগৈৰ সন্তান । যোৰহাট জগনাথ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰী। পৰিষ্মিতাৰ এই সাফল্যই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনে ।
নীৰৱ সাধনাৰে খেল জগতত নিজক প্ৰতিষ্ঠা কৰাৰ লক্ষৰে শক্তি প্ৰদৰ্শন কৰা আমগুৰিৰ যুৱতী পৰিস্মিতা গগৈয়ে এইবাৰ কেৰেলাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পাঞ্জা খেলত সোণৰ মেডেল লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । যোৰহাট জগনাথ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত বিচাৰকৰ দৃষ্টিৰ আকৰ্ষণ কৰাৰ পাছতে পৰিষ্মিতাৰ জীৱন সলনি হয় । এথলেটিকচ আৰু বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত প্ৰতিভা থকা পৰিস্মৃতাই শেহতীয়াকৈ পাঞ্জা খেলত মনোনিবেশ কৰে ।
আমগুৰি পৌৰসভাৰ অন্তৰ্গত অভয়পুৰীয়াৰ এটা সংস্কৃতিবান যৌথ পৰিয়ালৰ সন্তান পৰিষ্মিতাই যোৰহাটত নিয়ামীয়াকৈ প্ৰশিক্ষণ লৈ আছে । ২০২২ / ২৩ ক্ৰীড়া ক্ষেত্ৰত নমা পাৰিস্মিতাই ৰাজ্যিক স্তৰত ৰূপৰ আৰু সোণৰ পদক আহৰণ কৰে । ২০২৪আৰু ২৫ বৰ্ষত ৰাষ্ট্ৰীয় সোণৰ পদক পাই আশাৰ বতৰা কঢ়িয়াই আনিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
