কোকৰাঝাৰ, ১০ জুলাই (হি.স.): কোকৰাঝাৰৰ বাসিন্দা তথা সমাজ সেৱক অলকেশ দত্ত ওৰফে ৰুপম দত্তৰ মানব দৰদী কৰ্মই বিটিছিৰ ফকিৰাগ্ৰাম অজনজাতি সমষ্টিত ৰাইজৰ উপকাৰ সাধন কৰিছে । ফকিৰাগ্ৰামৰ উত্তৰ ৰাভাপাৰাৰ গাঁৱত ব্যক্তি গত ধনেৰে পথৰ শিল বালি দি ৰাস্তা মেৰামতিৰ কৰে কোকৰাঝাৰৰ বাসিন্দা তথা সমাজ সেৱক অলকেশ দত্ত ওৰফে ৰুপম দত্তয়ে ।
বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ অধিন কোকৰাঝাৰৰ বাসিন্দা তথা সমাজ সেৱক অলকেশ দত্ত ওৰফে ৰুপম দত্তয়ে দীৰ্ঘ দিনৰ পৰা ৰাইজক বিভিন্ন ধৰণে সেৱা কৰি অহা সৰ্বজন বিদিত । সেই কৰ্ম হিচাপে কালি বিয়লি কোকৰাঝাৰৰ বাসিন্দা তথা সমাজ সেৱক অলকেশ দত্ত ওৰফে ৰুপম দত্তয়ে ফকিৰাগ্ৰামৰ উত্তৰ ৰাভাপাৰাৰ গাঁৱত উপস্থিত হৈ নিজৰ ব্যক্তিগত ধনেৰে ৰাস্তাত শিল বালি দি মেৰামতি কৰাৰ শুভ উদ্ধোধন কৰে । যি ৰাস্তাটো বাৰিষা আহিলেই বোকাময় হৈ থাকে সেই ৰাস্তাটো মেৰামতি কৰি দিয়াত ৰাইজে সমাজ সেৱক অলকেশ দত্ত ওৰফে ৰুপম দত্তক ধন্যবাদ জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
