– ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাগ্ৰস্ত হোৱা জাগুয়াৰ জেট বিমানখনৰ দুয়োজন পাইলট গুৰুতৰভাৱে আহত
নতুন দিল্লী, ০৯ জুলাই (হি.স.)। ৰাজস্থানৰ চুৰুত বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা জাগুয়াৰ যুঁজাৰু বিমানখনকে ধৰি চলিত বৰ্ষত এতিয়ালৈকে বায়ুসেনাৰ পাঁচখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। মাত্ৰ ৪ মাহত ৩ খন জাগুয়াৰ জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই কাণ্ডবোৰে পুৰণি জাগুয়াৰ শ্ৰেণীৰ আৰু ইয়াৰ কাৰ্য্যকৰী সুৰক্ষাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। অনুমান কৰা হৈছে যে চুৰুত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনেই হৈছে ডাৰিন-III উন্নীতকৃত ভেৰিয়েন্ট। ইয়াৰ উপৰিও যুদ্ধ বিমান মিৰাজ আৰু পৰিবহণ বিমান এএন-৩২ও এই বছৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে।
মধ্যপ্ৰদেশৰ শিৱপুৰীৰ সমীপত এইবাৰ বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাৰ প্ৰথমটো ঘটনা সংঘটিত হয়। ৬ ফেব্ৰুৱাৰীত গ্ৱালিয়ৰ বিমান ঘাটিৰ পৰা ৰুটিন উৰণৰ বাবে উৰা মৰা মিৰাজ-২০০০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখন আছিল মিৰাজৰ প্ৰশিক্ষণ সংস্কৰণ। এই ঘটনাত দুয়োজন পাইলটে নিৰাপদে বাহিৰ ওলদাই আহে। চলিত বৰ্ষৰ ৭ মাৰ্চত বায়ুসেনাৰ ২টা বিমান দুৰ্ঘটনা সংঘটিত হয়। এটা ঘটনা হাৰিয়ানাত আৰু আনটো পশ্চিম বংগৰ বাগডোগ্ৰাত। হাৰিয়ানাত কাৰিকৰী দোষৰ বাবে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছিল জাগুয়াৰখন। এই বিমানখনে আম্বালা এয়াৰ বেছৰ পৰা উৰা মাৰিছিল। উৰণৰ কিছু সময়ৰ পাছতেই যুদ্ধ বিমানখন পঞ্চকুলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। পাইলটে বিচক্ষণতা দেখুৱাই জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই লৈ গৈছিল বিমানখন, যাৰ ফলত কোনো ধৰণৰ জীৱন বা সম্পত্তিৰ ক্ষতি নহ’ল।
সেইদিনা ভাৰতীয় বায়ুসেনাৰ পৰিবহণ বিমান এএন-৩২ পশ্চিম বংগৰ বাগডোগ্ৰাত জৰুৰী অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত কাৰো ক্ষতি হোৱা নাছিল। সকলো ক্ৰু সদস্য কথমপি ৰক্ষা পৰিল। ৰাছিয়াত নিৰ্মিত মধ্যম লিফ্ট সামৰিক বিমান এণ্টনভ-৩২ (এএন-৩২) ৮০ৰ দশকৰ আৰম্ভণিতে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু প্ৰায় ১০০খন বিমানে বায়ুসেনাত সেৱা আগবঢ়াই আছে। চলিত বৰ্ষৰ চতুৰ্থটো বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ২ এপ্ৰিলত । গুজৰাটৰ জামনগৰত যমজ আসনৰ যুদ্ধ বিমান জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত এজন পাইলটৰ মৃত্যু হোৱাৰ লগতে আনজন আহত হয়।
জামনগৰ বিমানবন্দৰৰ পৰা নিশা ১০.২০ বজাত নৈশ অভিযানৰ বাবে উৰা মাৰিছিল দুজনীয়া জাগুয়াৰ বিমানখন। ইয়াৰ মাজতে পাইলটসকলে কাৰিকৰী ত্ৰুটিৰ সন্মুখীন হ’বলগীয়া হয় আৰু তেওঁলোকে উদ্যোগ লৈ বিমানখনক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা উলিয়াই নিয়াৰ ব্যৱস্থা কৰে, যাতে বিমানবন্দৰ আৰু স্থানীয় জনসাধাৰণৰ কোনো ক্ষতি নহয়। এই সময়ত পাইলট ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন পাইলট জামনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ বায়ুসেনাই কোৰ্ট অৱ ইনকুৱেৰীৰ নিৰ্দেশ দিছে ।
চলিত বৰ্ষৰ পঞ্চমটো বিমান দুৰ্ঘটনা আজি সংঘটিত হৈছে ৰাজস্থানৰ চুৰুত, য’ত জাগুয়াৰ জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুয়োজন পাইলট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ভাৰতীয় বায়ুসেনাত জাগুয়াৰ ডিপ পেনেট্ৰেচন ষ্ট্ৰাইক ফাইটাৰৰ ৬টা স্কোৱাৰ্ড্ৰন আছে। জাগুয়াৰ মূলতঃ স্থল আক্ৰমণ আৰু কৌশলগত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়।
বায়ুসেনাই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি আজি ৰাজস্থানৰ চুৰুৰ সমীপত নিয়মীয়া প্ৰশিক্ষণ অভিযানৰ সময়ত এখন জাগুয়াৰ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত দুয়োজন পাইলট গুৰুতৰভাৱে আহত হয়। কোনো ধৰণৰ অসামৰিক সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আদালত গঠন কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
