ব্ৰাজিলিয়া (ব্ৰাজিল), ০৮ জুলাই (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়াত উপস্থিত হয়। ব্ৰাজিলিয়া বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায় প্ৰতিৰক্ষা মন্ত্ৰী জোচে মুচিঅ’ মণ্টেইৰ’ ফিলহ’ই। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডীৰ সন্মানত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ০৯ জুলাইত এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত নামিবিয়ালৈ যাব প্ৰধানমন্ত্ৰী মোডী। তেওঁ নামিবিয়াৰ সংসদতো ভাষণ দিব।
পাঁচখন দেশ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী। তেওঁ প্ৰথমে ঘানালৈ গৈছিল। ইয়াৰ পিছত তেওঁ কেৰিবিয়ান দেশ – ট্ৰিনিদাদ আৰু ট’বেগো ভ্ৰমণ কৰে। এই ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোডী আৰ্জেণ্টিনালৈ যায়। এতিয়া তেওঁ বিদেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত চাৰিদিনৰ বাবে ব্ৰাজিলত আছে। ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিছিল। তাৰ পৰা এতিয়া তেওঁ ব্ৰাজিলিয়া পালেগৈ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি অনুষ্ঠানত ব্ৰাজিলৰ পৰম্পৰাগত সাম্বা ৰেগে পৰিবেশন কৰা শিল্পীসকলক প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিলৰ ভ্ৰমণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী। বিমানবন্দৰৰ পৰা হোটেলত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। তাত প্ৰবাসী ভাৰতীয়সকলৰ সম্ভাষণ গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী মোদীক ভাৰতীয় পতাকা লৈ আদৰণি জনোৱাৰ বাবে হোটেলৰ বাহিৰত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল সমবেত হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰিবলৈ অহা শিশুসকলৰ সৈতেও মত বিনিময় কৰে। হোটেলখনত সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠানৰো সাক্ষী হৈছিল।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছো
ৱালে এক্সত কয়, ভাৰত-ব্ৰাজিলৰ শক্তিশালী অংশীদাৰিত্বৰ নতুন পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল ভ্ৰমণৰ বাবে ৰাজধানী ব্ৰাজিলিয়াত উপস্থিত হৈছে। তেওঁক বিমানবন্দৰত ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী জোচে মুচিঅ’ মণ্টেইৰ’ ফিলহোৱে উষ্ম আদৰণি জনায়। পৰম্পৰাগত ব্ৰাজিলৰ সাম্বা ৰেগেৰ প্ৰদৰ্শনৰে এই আদৰণি সংগীতময় কৰি তোলে।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ সন্দৰ্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
