
ধুবুৰী, ০৪ জুলাই (হি.স.): ৰাজ্যত গো মাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান চলি থকাৰ মাজতে একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ গো মাংসৰ অবৈধ সৰবৰাহ। যেন অসম আৰক্ষীক বৃদ্ধাংগুষ্ঠ দেখুৱাই আছে নিষিদ্ধ গো মাংস সৰবৰাহকাৰীয়ে।
চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গো মাংস। আজি ৰাতিপুৱাই গৌৰীপুৰ থানাৰ বালাজান আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উত্তম ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে নিৰ্মীয়মান ১২৭ বি চাৰিলেণ্ডযুক্ত ঘাইপথত চলাইছিল অভিযান। অভিযানত গৌৰীপুৰ অভিমুখি ডব্লিউবি ৬৩ ডি ০০৮৪ নম্বৰৰ স্কুটি এখন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত আৰক্ষীয়ে খেদি খেদি আটক আৰে। স্কুটি খনৰ পৰা আৰক্ষীয়ে ৩০ কেজি গো-মাংস জব্দ কৰাৰ লগতে সৰবৰাহকাৰী নাজমাল মিয়াক আটক কৰে। আটকাধীন নাজমাল মিয়া চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তুফানগঞ্জৰ চৈয়দ আলী মিয়াৰ পুত্ৰ বুলি পৰিচয় পোৱা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
