ধুবুৰী, ০৬ ডিছেম্বৰ (হি স)। সম্প্ৰতি অবৈধ নিচাজাতীয় সামগ্ৰী, সমাজ ধ্বংসকাৰী ড্ৰাগছে ছানি ধৰিছে বিলাসীপাৰা বিভিন্ন প্ৰান্ত। তেনে সময়তে নিশা বিলাসীপাৰাৰ হাজাৰীপাৰাত আৰক্ষীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক হয় ।
ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ৩.৫ কিলোগ্ৰাম ড্ৰাগছৰ লগতে এএছ )১ ইডব্লিউ ৩৮১১ নম্বৰৰ এখন স্কুটি জব্দ কৰে অভিযান কাৰী আৰক্ষীৰ দলটোৱে । আৰক্ষী বিষয়া (অ চি) টুগুল বড়োৰ নেতৃত্বত চলোৱা অভিযানত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰীটো ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। ৰফিকুল ইছলামৰ ঘৰ হাজাৰীপাৰা ১ম খণ্ড গাঁৱত ।
কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জনে দীৰ্ঘদিনৰ পৰা বিলাসীপাৰা বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি আহিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ |সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে কেতবোৰ আপত্তি জনক নথি পত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি সমাজ ধ্বংসকাৰী ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষীয়ে বিলাসীপাৰা থানাত জেৰা অব্যাহত ৰাখিছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
