গোলাঘাট, ০৩ জুলাই (হি.স.):চল্লিশ বছৰৰ মূৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি আপোন ঘৰখনলৈ উভতি আহি আবেগিক হৈ পৰিল এজন আৰক্ষী জোৱান। এক আনন্দমূখৰ পৰিৱেশত গাঁওবাসীয়ে নিজগৃহলৈ আদৰি আনিলে জোৱানজনক। মেৰাপানীৰ দীঘলপানীৰ গাঁওখনৰ একমাত্ৰ চৰকাৰী বিষয়া হিচাপে দেশ মাতৃৰ সেৱা কৰি অৱসৰলৈ ঘৰলৈ উভতি অহা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হোৱা ইন্দ্ৰেশ্বৰ পায়েঙক ঢোলে দগৰে আদৰণি জনালে গাঁওবাসীয়ে।
উল্লেখ্য যে, অসম আৰক্ষীৰ জোৱান ইন্দ্ৰেশ্বৰ পায়েঙে ১৯৮৪ চনতে ১১ অসম আৰক্ষী বেটেলিয়নৰ জোৱান হিচাপে যোগদান কৰি যোৱা ৩০ জুনত উপ পৰিদৰ্শক হৈ অসৱৰ গ্ৰহণ কৰে। অৱসৰৰ প্ৰাক্ মুহূত্বত আৰক্ষী বিষয়াজনে বিগত তিনিবছৰ ধৰি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিছ একাডেমীত গোৱা আৰক্ষীৰ এটা গোটৰ প্ৰশিক্ষক হিচাপে নিয়োজিত হৈ আছিল। সুদীৰ্ঘ কাল ৰাজ্যখনৰ বিভিন্ন স্থানত সূচাৰুৰূপে কৰ্তব্য সম্পাদন কৰি এগৰাকী সফল আৰক্ষী হিচাপে চাকৰি জীৱন অতিবাহিত কৰা পায়েঙে বুধবাৰ সন্ধিয়া নিজ গৃহত উপস্থিত হোৱাৰ সময়তে গাঁওবাসীয়ে বহু নিলগৰ পৰাই স্ব-গৃহলৈ আদৰি লৈ যায়। স্বগৃহত উপস্থিত হৈ চাকৰি জীৱনৰ কথা সোঁৱৰণ কৰি আৱেগিক হৈ পৰে ইন্দ্ৰেশ্মৰ পায়েঙ। স্থানীয় গাঁওবাসীৰ লগতে পৰিয়ালবৰ্গই পায়েঙক গামোচা, চেলেং, জাপিৰে উষ্ম আদৰণি জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
