কোকৰাঝাৰ, ২৭ জুন (হি.স.)। বড়ো চিনেমা প্ৰেমীসকলৰ বাবে সুখবৰ। অহা ছেপ্তেম্বৰ মাহত শুভ মুক্তি লাভ কৰিব নতুন বড়ো চিনেমা চিংখাই । অসম চৰকাৰৰ জ্যোতি চিত্ৰৱন ফিল্ম ষ্টুডিওৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ উপস্থিতিত কোকৰাঝাৰত বৃহষ্পতিবাৰে নিশা উন্মোচন কৰা হয় নতুন ছবিখনৰ পোষ্টাৰ আৰু টিজাৰ ।
ছবি নিৰ্মাতা মমতা মহিলাৰী আৰু ৰাজা নাৰ্জাৰীৰ পৰিচালনাত জন্ম লাভ কৰা বড়ো ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা চৌৰাং নাৰ্জাৰী, ওমপ্ৰকাশ কেৰখাতাৰী, অভিনেত্ৰী হেলিনা দৈমাৰী আৰু জেনিপাৰ দৈমাৰীয়ে।
নতুন ছবিখনৰ পষ্টাৰ আৰু টিজাৰ উন্মোচন কৰি জ্যোতি চিত্ৰৱন ফিল্ম ষ্টুডিওৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা আৰু অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ দৰ্শকৰ ওচৰত চিনেমাখন মুক্তি লাভ কৰা লগে লগে উপভোগ কৰিবলৈ আহ্বান জনায়।
ৰোমাঞ্চ, এক্সন, ট্ৰেজিডীৰ চিনেমাখনত বড়োৰ সংস্কৃতি, কৃষ্টিৰ ওপৰত বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে। সংবাদ মাধ্যমৰ আগত অভিনেত্ৰী হেলিনা দৈমাৰীয়ে কয়… এয়া মোৰ অষ্টম নম্বৰ ছবি। চিংখাই ছবিখনত সকলো কলা কৌশলীয়ে বহুত কষ্ট কৰিছে, গতিকে দৰ্শকৰ ওচৰত কাতৰ অনুৰোধ এবাৰ হলেও উপভোগ কৰিব। চলিত বৰ্ষতে তেওঁৰ এখন অসমীয়া নতুন ছবিও মুক্তি লাভ কৰিব বুলিও জনালে হেলিনা দৈমাৰীয়ে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
