ব্ৰীজটাউন, ২৭ জুন (হি.স.)। কেনচিংটন অ’ভেলত অনুষ্ঠিত হৈ থকা টেষ্ট মেচখনৰ দ্বিতীয় দিনা শুকুৰবাৰে (ভাৰতীয় সময় অনুসৰি) ট্ৰেভিছ হেডৰ আগ্ৰাসী বেটিঙৰ বলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলখনত প্ৰত্যাহ্বান জনাইছে। খেলপথাৰখনে ধাৰাবাহিকভাৱে বেগী বলাৰসকলক সহায় কৰি আছে আৰু মেচখন তৃতীয় দিনৰ আগলৈ যাব বুলি অনুমান নহয়।
প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজে ১৯০ ৰান সংগ্ৰহ কৰি ১০ ৰানৰ সামন্য অগ্ৰগতি লাভ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছটোও থৰক বৰক কৰি আৰম্ভ হৈছিল আৰু দলটোৱে ৬৫ ৰানত ৪টা উইকেট হেৰুৱাইছিল। অৱশ্যে ট্ৰেভিছ হেড আৰু বিউ ৱেবষ্টাৰে দায়িত্ব লয় আৰু ষ্টাম্পলৈকে স্ক’ৰ ৯২/৪লৈ লৈ যায়। এই পৰ্যন্ত অষ্ট্ৰেলিয়াই ৮২ ৰানৰ অগ্ৰগতি লাভ কৰিছে।
প্ৰথম ইনিংছত টেষ্টৰ একমাত্ৰ অৰ্ধশতক অৰ্জন কৰা হেডে দ্বিতীয় ইনিংছত ডিফেন্সিভ কৌশল অৱলম্বন কৰি থাকিল। আলজাৰী জোচেফৰ এটা বলও তেওঁৰ বাওঁফালৰ গ্লভছত খুন্দা মাৰিলে যদিও তেওঁ সাহস হেৰুওৱা নাছিল। দিনটোৰ খেলখনৰ শেষলৈকে হেডে ১৩ ৰাণত (৩৭ বলত) আৰু ৱেবষ্টাৰে ১৯ ৰাণত (২৪ বলত) অপৰাজিত হৈ উভতি আহিছিল।
প্ৰথম দিনাই ১৪টা উইকেট পতন হোৱাৰ বিপৰীতে দ্বিতীয় দিনাও বলাৰৰ আধিপত্য অব্যাহত ৰাখি ১০টা উইকেট পৰিল। এতিয়াও খেলপথাৰত ছিম আৰু মুভমেণ্ট আছে, যিয়ে দ্ৰুত বলাৰসকলক বহুত সহায় কৰিছে।
স্ক’ৰকাৰ্ড: অষ্ট্ৰেলিয়া: ১৮০ আৰু ৯২/৪ (ৱেবষ্টাৰ ১৯*, এছ জোচেফ ১/১৫, এ জোচেফ ১/১৫)
ৱেষ্ট ইণ্ডিজ: ১৯০ (শ্বাই হোপ ৪৮, মিচেল ষ্টাৰক ৩/৬৫) অষ্ট্ৰেলিয়াৰ অগ্ৰগতি: ৮২ ৰান
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
