• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > দুবছৰৰ পাছত জুলাইত লাডাখ ভ্ৰমণ কৰিব দালাই লামা, ৪৫ দিনৰ হ’ব এই ভ্ৰমণ
International

দুবছৰৰ পাছত জুলাইত লাডাখ ভ্ৰমণ কৰিব দালাই লামা, ৪৫ দিনৰ হ’ব এই ভ্ৰমণ

CliQ INDIA
Last updated: June 26, 2025 11:00 am
CliQ INDIA
Share
3 Min Read
SHARE

ধৰ্মশালা, ২৫ জুন (হি.স.)। তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামা অহা মাহ জুলাইত লাডাখ ভ্ৰমণ কৰিব । ধৰ্মগুৰুগৰাকীয়ে দুবছৰৰ অন্তত এই লাডাখ ভ্ৰমণ কৰিব যিটো ৪৫ দিনীয়া হ’ব। ধৰ্মশালাত ৯০ বছৰীয়া জন্মদিন উদযাপনৰ লগে লগে দালাই লামাৰ এই অৱস্থান হ’ব। এই সময়ছোৱাত দালাই লামাই তেওঁৰ অনুগামীসকলক শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

দালাই লামাৰ কাৰ্যালয়ে দালাই লামা লাডাখ বৌদ্ধ সন্থা (এলবিএ)ৰ সভাপতি ছেৰিং দৰ্জেলৈ প্ৰেৰণ কৰা পত্ৰত এই ভ্ৰমণ নিশ্চিত কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি ১২ জুলাইত লেহত উপস্থিত হ’ব দালাই লামা। লাডাখত শান্তি নোবেল বঁটা বিজয়ীগৰাকীয়ে কিছুদিন জিৰণি লৈ বতৰৰ লগত অভ্যস্ত হ’ব। তেওঁৰ সূচীত লেহ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কেইবাটাও ৰাজহুৱা আৰু ব্যক্তিগত অনুষ্ঠান অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাচীন মঠ আৰু সংৰক্ষিত বৌদ্ধ ঐতিহ্যৰ বাবে পৰিচিত দুৰ্গম আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চল জানস্কাৰলৈও সম্ভাৱ্য ভ্ৰমণ কাৰ্যসূচীত আছে যদিও নিৰ্দিষ্ট তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।

দালাই লামাৰ আগন্তুক ভ্ৰমণক লৈ এল বি এয়ে আনন্দ প্ৰকাশ কৰি হিমালয় অঞ্চলৰ বাবে তেওঁৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে।

আমেৰিকা ভ্ৰমণ বাতিল হোৱাৰ পিছত লাডাখ ভ্ৰমণ-

২০২৪ চনৰ জুলাই মাহত দালাই লামাৰ পৰিকল্পিত আমেৰিকা ভ্ৰমণ আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে বাতিল হোৱাৰ পিছত তেওঁৰ এই আগন্তুক ভ্ৰমণ। এই ভ্ৰমণ বাতিল হোৱাৰ পিছৰ মাহকেইটাত লাডাখৰ বিভিন্ন ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতাই সক্ৰিয়ভাৱে দালাই লামাৰ কাৰ্যালয়ৰ কাষ চাপিছে তেওঁক পুনৰ নিমন্ত্ৰণ কৰিবলৈ। ২০২৪ চনৰ অক্টোবৰ মাহত লাডাখ গনপা এছ’চিয়েশ্যনৰ থিক্সে ৰিনপোচে, চেৰিং ডৰ্জে (এলবিএ), লাডাখ গনপা এছ’চিয়েশ্যনৰ চেৰিং আংডুছ আৰু লাডাখ যুৱ সন্থাৰ জিগমেট ৰাবটনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে দালাই লামাক ধৰ্মশালাৰ বাসগৃহত সাক্ষাৎ কৰি ২০২৫ চনত তেওঁক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

লাডাখ ভ্ৰমণৰ সময়ত দালাই লামাৰ শিক্ষাই বৌদ্ধ দৰ্শন, সাৰ্বজনীন মমতা আৰু আন্তঃধৰ্মীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যিবোৰ মূল্যবোধ তেওঁ সমগ্ৰ বিশ্বতে ধাৰাবাহিকভাৱে সমৰ্থন কৰি আহিছে।

লাডাখ ভ্ৰমণৰ পূৰ্বে দালাই লামাই ধৰ্মশালাত ধাৰাবাহিকভাৱে ৯০ সংখ্যক জন্মদিন উদযাপনত অংশগ্ৰহণ কৰিব। ৩০ জুনত মেকলিঅ’ডগঞ্জৰ মূল তিব্বতী মন্দিৰ চুগলাখাঙত ৰাজহুৱা অনুষ্ঠান আৰু দীৰ্ঘজীৱন অৰ্পণ অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হ’ব। ৫ জুলাইত কেন্দ্ৰীয় তিব্বতী প্ৰশাসনে নিৰ্বাসনত বসবাস কৰা সকলো তিব্বতী লোকৰ হৈ দীৰ্ঘজীৱন উদযাপন কৰিব। পিছদিনা ৬ জুলাইত আনুষ্ঠানিক জন্মদিন উদযাপন অনুষ্ঠিত হ’ব, য’ত বিশ্বৰ শুভাকাংক্ষীসকলে ভাৰ্চুৱেল আৰু ব্যক্তিগতভাৱে যোগদান কৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছে কয় যে, ন্যায় অবিহনে শান্তি সম্ভৱ নহয়…
ফুটবল বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ড’নাল্ড ট্ৰাম্পলৈ প্ৰথমটো ফিফা শান্তি বঁটা প্ৰদান
ইজৰাইলত আপোনজনৰ বাবে স্পন্দন হৃদয়
ৰাষ্ট্ৰসংঘ আৰু আফ্ৰিকান ইউনিয়নৰ মাজত হোৱা গুৰুত্বপূৰ্ণ বাৰ্ষিক বৈঠকৰ সামৰণি
নিউয়ৰ্ক চহৰৰ আগন্তুক মেয়ৰ মামদানীক লৈ ট্ৰাম্পৰ কটাক্ষ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান ভাৰতীয় ব্ৰেণ্ডৰ ভিতৰত এল আই চিয়ে চতুৰ্থ স্থানত, ব্ৰেণ্ডৰ মূল্য ৩৫ শতাংশ বৃদ্ধি
Next Article জৰুৰীকালীন অৱস্থা স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ- কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?