
নতুন দিল্লী, ২৫ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সংবিধান হত্য়া দিৱস’ৰ দিনা দেশত ১৯৭৫ চনত জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ সময়ছোৱাত ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰতিজন যোদ্ধাক প্ৰণিপাত জনায়। তেওঁ নিজৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, আমি আমাৰ সংবিধানত সন্নিৱিষ্ট নীতিসমূহ শক্তিশালী কৰাৰ লগতে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰিছো। আহক আমি প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰোঁ আৰু দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰোঁ।
‘সংবিধান হত্য়া দিৱস’ সন্দৰ্ভত এক্সত কেইবাটাও পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আন এটা পোষ্টত তেওঁ লিখিছে, ‘জৰুৰীকালীন যুঁজত দৃঢ়তাৰে থিয় দিয়া সকলোকে আমি প্ৰণাম জনাইছো! এইসকল আছিল সমগ্ৰ ভাৰতৰ পৰা, প্ৰতিটো অঞ্চলৰ পৰা, বিভিন্ন মতাদৰ্শৰ পৰা, এক উমৈহতীয়া উদ্দেশ্যৰ বাবে একেলগে কাম কৰা লোক। ভাৰতৰ গণতান্ত্ৰিক গাঁথনি ৰক্ষা কৰা আৰু যি আদৰ্শৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, সেই আদৰ্শক ৰক্ষা কৰছিল। তেওঁলোকৰ সামূহিক সংগ্ৰামেই নিশ্চিত কৰিছিল যে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰ পুনৰ বাহাল কৰিবলৈ বাধ্য হয় আৰু নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰে, য’ত তেওঁলোকে দুৰ্ভাগ্যজনকভাৱে পৰাস্ত হৈছিল।”
তেওঁ লিখিছে, ‘ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ আজি পঞ্চাশ বছৰ সম্পূৰ্ণ হ’ল। ভাৰতৰ জনসাধাৰণে এই দিনটোক সংবিধান হত্যা দিৱস হিচাপে উদযাপন কৰে। আজিৰ দিনটোত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক একাষৰীয়া কৰি ৰখা হ’ল, অধিকাৰ স্থগিত ৰখা হ’ল, সংবাদ মাধ্যমৰ স্বাধীনতা দমন কৰা হ’ল আৰু বহু ৰাজনৈতিক নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকক জেলত ভৰোৱা হ’ল । এনে লাগিছিল যেন সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক পণবন্দী কৰি লৈছে!”
সেই নিষ্ঠুৰ সময়ছোৱাক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘যেতিয়া জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল তেতিয়া মই আৰ এছ এছৰ এজন যুৱ প্ৰচাৰক আছিলো। জৰুৰীকালীন বিৰোধী আন্দোলন মোৰ বাবে এক শিক্ষণ অভিজ্ঞতা আছিল। ইয়াৰ দ্বাৰা আমাৰ গণতান্ত্ৰিক গাঁথনি সংৰক্ষণৰ গুৰুত্ব পুনৰ দৃঢ় হ’ল। লগতে ৰাজনৈতিক বৰ্ণালীৰ সকলো লোকৰ পৰা বহু কথা শিকিবলৈ পালোঁ। মই আনন্দিত যে ব্লু ক্ৰাফ্ট ডিজিটেল ফাউণ্ডেচনে সেই অভিজ্ঞতাৰ কিছুমান সংকলন কৰিছে। ইয়াৰ প্ৰস্তাৱনা লিখিছে স্বয়ং এইচ ডি দেৱগোড়া জীয়ে, যিজন নিজেই জৰুৰীকালীন বিৰোধী আন্দোলনৰ এজন প্ৰবল ব্যক্তি আছিল ।
মন কৰিবলগীয়া যে ব্লু ক্ৰাফ্ট ডিজিটেল ফাউণ্ডেশ্যনৰ এই গ্ৰন্থখনৰ নাম হৈছে ‘দ্য ইমাৰ্জেন্সি ডায়েৰীছ – ইয়াৰ্ছ ডেট ফৰ্জড এ লিডাৰ’। ফাউণ্ডেচনৰ তথ্য অনুসৰি আজি এই গ্ৰন্থখন উন্মোচন কৰিব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
