
মৰিগাঁও, ২৩ জুন (হি.স.)। মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনী আৰু লাহৰীঘাট আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই লাহৰীঘাটত এখন অট ৰিক্সাৰ পৰা ড্ৰাগছ সহ দুই ভাতৃ ভগ্নীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে কৰায়ত্ত কৰা দুই ভাতৃ ভগ্নী ক্ৰমে মৈৰাবাৰীৰ তাঁতীকতা পথাৰৰ খাইৰুল ইছলাম আৰু মফিদা খাতুন। আৰক্ষীয়ে দুয়ো সৰ্বৰাহকাৰিৰ পৰা এটা চাবোনৰ বাকচত ৯.৫৪ গ্ৰাম ড্ৰাগছ, দুটা মোবাইল ফোন, এখন অট ৰিক্সা আৰু নগদ ৭৮ হাজাৰ টকা জব্দ কৰে। দুয়ো ড্ৰাগছ খিনি বিক্ৰীৰ বাবে অনাৰ সময়তে পূৰ্বৰে পৰা খাপ পিতি থকা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
