
গুৱাহাটী, ০৮ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰ এলেকাৰ দিছপুৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বিপুল পৰিমাণৰ হেৰ’ইনৰ সৈতে মণিপুৰৰ বাসিন্দা এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, দিছপুৰ থানাৰ ইজিপিডিৰ এটা দলে থানা এলেকাৰ চছল ৰাধা নগৰত অৱস্থিত ছাই বাবা মন্দিৰৰ সমীপত এ এছ-০১জিজি-৯৮৬৫ নম্বৰৰ মাৰুতি আল্ট’ গাড়ীখন ৰখাই তালাচীৰ সময়ত বিপুল পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰে।
পিছত আৰক্ষীৰ দলটোৱে মণিপুৰৰ বিষ্ণুপুৰ নিবাসী ৰাজেশ যুমনামক গ্ৰেপ্তাৰ কৰে। তালাচীৰ সময়ত ৩০টা চাবোনৰ বাকচত ভৰাই চতুৰতাৰে গাড়ীৰ ভিতৰত লুকুৱাই ৰখা ৩৫৫ গ্ৰাম হেৰ’ইন গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হয়।
ড্ৰাগছৰ উপৰিও ধৃত অভিযুক্তৰ পান কাৰ্ড, এ টি এম কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা হেৰ’ইনৰ ব্যয় এক কোটি টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ অভিযুক্তক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
