ৱাশ্বিংটন, ১৯ জুন (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে নিশা ইৰাণক আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনায় । আক্ৰমণ কৰিব নে নকৰে সেই সন্দৰ্ভত তেওঁ চূড়ান্ত সিদ্ধান্ত লোৱা নাই। ইজৰাইলৰ বিমান অভিযানত যোগদান কৰিব নে নকৰে সেই সিদ্ধান্তও তেওঁ আনুষ্ঠানিকভাৱে লোৱা নাই। আমেৰিকাৰ ‘চিবিএছ নিউজ’ চেনেলে ১৮ জুনত সম্প্ৰচাৰিত প্ৰতিবেদনত এই দাবী জনাইছে চোৰাংচোৱাৰ এক জ্যেষ্ঠ সূত্ৰ আৰু প্ৰতিৰক্ষা বিভাগৰ এজন বিষয়াৰ উদ্ধৃতিৰে।
চিবিএছ নিউজৰ প্ৰতিবেদন অনুসৰি সূত্ৰই প্ৰকাশ কৰিছে যে যদি তেহৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচী এৰিবলৈ সন্মত হয় তেন্তে আমেৰিকাই আক্ৰমণ নকৰে। আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনোৱাৰ সময়তে ট্ৰাম্পে এই কথা কয়। চেনেলটোৰ মতে এই খবৰটো প্ৰথমে দিছিল দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলে। এই সন্দৰ্ভত মন্তব্যৰ বাবে কৰা অনুৰোধৰ তৎক্ষণাত কোনো সঁহাৰি নিদিলে হোৱাইট হাউছে।
চিবিএছ নিউজৰ তথ্য অনুসৰি ট্ৰাম্পে ইৰাণৰ ফৰ্ডোৰ ভূগৰ্ভস্থ ইউৰেনিয়াম সমৃদ্ধিশালী কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ কথা চিন্তা কৰি আছিল। যোৱা সপ্তাহৰ শেষৰ ফালে ইজৰাইলে ফৰ্ডোত ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক সুবিধাসমূহত বোমা বিস্ফোৰণ আৰম্ভ কৰাৰ পিছৰে পৰা এতিয়াও ইজৰাইলে আক্ৰমণ কৰা নাই। বুধবাৰে সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে তেওঁ এতিয়াও ইৰাণক আক্ৰমণ কৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা নাই।
তেওঁ কয় যে মই চূড়ান্ত সিদ্ধান্ত সময়ৰ এক চেকেণ্ড আগতেই ল’বলৈ ভাল পাওঁ, কাৰণ বিশেষকৈ যুদ্ধৰ লগে লগে কথাবোৰ সলনি হয়। বুধবাৰে ইয়াৰ পূৰ্বে তেওঁ কয় যে, মই হয়তো কৰিম। মই হয়তো নকৰোঁ। মানে মই কি কৰিম কোনেও নাজানে। তেওঁ কয় যে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচীৰ অন্ত পেলাবলৈ চুক্তিবদ্ধ হোৱাটো বিচাৰে।
বুধবাৰে ইৰানে কয় যে তেওঁলোকে হেঁচাত আলোচনা নকৰে। যিকোনো ভাবুকিৰ প্ৰতি প্ৰত্যুত্তৰ জনাব বুলি কয়। ইৰাণে ইজৰাইলৰ অভিযানত আমেৰিকাই যোগদান কৰিলে মধ্যপ্ৰাচ্যত আমেৰিকাৰ লক্ষ্যত আক্ৰমণ কৰিব পৰাকৈ ক্ষেপণাস্ত্ৰ আৰু সঁজুলি প্ৰস্তুত কৰিছে বুলিও আমেৰিকাৰ এজন জ্যেষ্ঠ চোৰাংচোৱা বিষয়াই প্ৰকাশ কৰিছে।
ইউ এছ টুডে কাকতৰ তথ্য অনুসৰি ইৰাণৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ প্ৰস্তুতিৰ বাবে পেন্টাগনৰ মধ্যপ্ৰাচ্যত ইতিমধ্যে কমেও ৪০ হাজাৰ সৈন্য আছে। বৰ্তমান এই সৈন্য বাহৰেইনৰ পৰা ছিৰিয়া আৰু ইয়াৰ মাজৰ ঠাইবোৰলৈ মোতায়েন কৰা হৈছে। ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহৰ ওপৰত চলি থকা আক্ৰমণত যদি আমেৰিকাই ইজৰাইলৰ সৈতে যোগদান কৰে তেন্তে এই সৈন্যই ইৰাণৰ বেলিষ্টিক মিছাইল, ড্ৰ’ন বা সন্ত্ৰাসবাদৰ সৈতে জড়িত প্ৰতিহত আক্ৰমণত সহায় কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
