প্ৰখ্যাত শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অসম সাহিত্য সভাৰ সু-সংগঠক ভবানীপ্ৰসাদ অধিকাৰীয়ে ১৮ মাৰ্চত পৰলোকপ্ৰাপ্তি ঘটিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত তেওঁৰ বাসভৱনত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। লগতে, প্ৰয়াত লেখকগৰাকীয়ে ৰচনা কৰা ‘বহুৰূপী বেজবৰুৱা’ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
BulletsIn
-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লখিমীনগৰত অৱস্থিত প্রয়াত লেখকৰ বাসভৱনত উপস্থিত হয়।
-
বিশিষ্ট লেখক-সাহিত্যিক ভবানীপ্ৰসাদ অধিকাৰীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি আগবঢ়াই শ্ৰদ্ধা জ্ঞাপন কৰে।
-
মুখ্যমন্ত্ৰীয়ে লেখকৰ পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।
-
‘বহুৰূপী বেজবৰুৱা’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
-
গ্ৰন্থখন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্ব আৰু কৰ্মধাৰাৰ ওপৰত ভিত্তি কৰি ৰচিত।
-
গ্ৰন্থখনত বেজবৰুৱাৰ গল্পকাৰ হিচাপে অৱদান, অসমপ্ৰেম, সততা, আৰু ব্যৱসায়িক ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰা হৈছে।
-
ভবানীপ্ৰসাদ অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ নামত গ্ৰন্থখন উৎসৰ্গা কৰিছিল আৰু তেওঁৰ দ্বাৰাই উন্মোচিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
-
লেখকজনে পৰলোকপ্ৰাপ্তিৰ আগলৈকে সাহিত্য-কৰ্মত ব্যস্ত আছিল।
-
মুখ্যমন্ত্ৰীয়ে ভবানীপ্ৰসাদ অধিকাৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।
-
এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে।
