বাক্সা, ০৩ মে’ : নিৰ্বাচনটো এক প্ৰকাৰ নম্বৰৰ খেল বুলি মন্তব্য় কৰিছে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰীয়ে। কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থী জয়ী হোৱাৰ আশা ব্য়ক্ত কৰি কয় যে ভোটাৰ ৰাইজে ইতিমধ্যে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভোট প্ৰদান কৰিলে।
ইফালে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলেও সমৰ্থন লাভ কৰা সন্দৰ্ভত দৈমাৰীয়ে কয় যে ৰাইজে সকলোকে কোৱাৰ দৰে হাগ্ৰামা মহিলাৰীকো বিপিএফত ভোট দিয়া বুলি কৈছে। আজিকালি মানুহবোৰে কাকো নিৰাশ নকৰে। ভোট গণনাৰ পিছতহে গম পাব কোন দলৰ প্ৰাৰ্থী জয়ী হ’ব। নিৰ্বাচনটো ৰাইজৰ,ৰাইজে যিজনক ভোট দিয়ে তেওঁ জয়ী হ’ব। বাক্সাৰ কোকলাবাৰীত নিশা উপস্থিত হৈ সংবাদমাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে অসম বিধান সভাৰ অধ্যক্ষগৰাকীয়ে ।
