কামৰূপ ৰঙিয়াত সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰী চক্ৰ। যোৱা নিশা ৰঙিয়াৰ উদিয়ানাত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হয় ৫জনকৈ লোক। এটা ঘৰৰ কোঠাত আৱদ্ধ পুৰুষ মহিলা সহ ৫গৰাকী ব্যক্তিক উদ্ধাৰ কৰে ৰইজে।
দৰিদ্ৰতাৰ সুযোগ লৈ ৰঙিয়াৰ এই চক্ৰটোৱে দীৰ্ঘদিনে চলাই আহিছে মানৱ সৰবৰাহ। অসমৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ পৰিয়ালৰ লোক সকলক নানা প্ৰলোভনৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে এই চক্ৰটোৱে। উদিয়ানা গাঁৱৰ তাজু আলীৰ ঘৰৰ পৰাই ৰাইজে ৫গৰাকী লোকক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। এই বৃহৎ চক্ৰটোৰ সৈতে কোন কোন জড়িত আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ তথ্য।
