লক্ষিমপুৰ, ২৪ মাৰ্চ: লক্ষিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ ডুবিবস্তিত যোৱাকালি সন্ধিয়া সংঘটিত হোৱা এক ভয়ানক অগ্নিকাণ্ডত এটা পৰিয়াল ঘৰ সম্পত্তি সম্পুৰ্ণ ৰূপে জুইত জাহ যায়। প্ৰাপ্ত তথ্য মতে কালি বিয়লী ডুবি বস্তিৰ ডুবি আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন গোশ্বামী আৰু তেওঁৰ পত্নীয়ে স্থানীয় গাঁৱৰ এঘৰ মানুহৰ ঘৰত ফুৰিবলৈ গৈছিল। সেই সময়ত ঘৰত পৰিয়ালটোৰ ১৪ আৰু ৫ বছৰীয়া দুই সন্তানক থৈ গৈছিল। সন্ধিয়ালৈকে পিতৃ-মাতৃয়ে ফুৰি আহি ঘৰ পোৱাই নাছিল।সন্ধিয়া প্ৰায় ৬ বজাত হঠাৎ ঘৰত অগ্নি সংযোগ ঘটাত দুই সন্তানে চিঞৰ বাখৰ লগাই ঘৰৰ বাহিৰলৈ ওলাই আহে।
লক্ষণীয় যে বিদ্যালয়ৰ সমীপতে বসবাস কৰা তপন গোশ্বামীৰ ঘৰৰ সমীপত বসতি সেৰেঙা হোৱা কিছু দুৰত থকা আন মানুহ আহি পাবলৈ কিছু সময় আৱশ্যক হয়। জুইৰ লেলিহান ইমানেই বেছি হৈ আহে যে স্থানীয় লোক সকলে দৌৰা দৌৰিকৈ জুই নুমাবলৈ ওলাই অহাৰ সময়তে ঘৰৰ ভিতৰৰ এটা চিলিণ্ডাৰ বিস্ফোৰিত হৈ সম্পুৰ্ণ ঘৰটো জুয়ে বেৰি ধৰে। ঘৰৰ ভিতৰত থকা এটাও বস্তু ওলিয়াব নোৱাৰিলে। অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্ব্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয়।
