ইছলামাবাদ, ০৪ মাৰ্চ: পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণ আৰু বৰফ পৰাৰ ফলত দেওবাৰে মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ হৈছেগৈ। ইয়াৰ ভিতৰত ১৮টি শিশুও আছে। ডন কাকতে প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াসকলৰ উদ্ধৃতি দি নিজৰ প্ৰতিবেদনত এই তথ্য দিছে।
ইয়াৰ বাহিৰেও যোৱা দুদিনত বৰষুণ আৰু বৰফৰ ফলত ২০টা শিশুসহ কমেও ৩৮জন লোক আহত হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ইফালে গিলগিট-বাল্টিস্তানত বৃহৎ পথসমূহ বন্ধ হৈ আছে। ইয়াৰ বাবেই হাজাৰ হাজাৰ লোক পথত আবদ্ধ হৈ থাকিল। বহু ক্ষেত্ৰত বিদ্যুৎ, পানী যোগান আৰু যোগাযোগ সেৱা ব্যাপকভাৱে প্ৰভাৱিত হৈছিল। আনহাতে, কুৱেটা আৰু বেলুচিস্তানৰ অন্যান্য অঞ্চল ঠাণ্ডাৰ কবলত পৰিছিল। লগতে তাপমাত্ৰা শূন্যৰ তললৈ নামি আহিছিল।
