হোজাই, ২৯ ফেব্ৰুৱাৰী : হোজাই জিলাৰ লামডিঙৰ এছ ট্ৰাৰণিঙত যোৱাকালি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। লামডিং লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনা সংঘটিত হয় ৷ অসম আৰক্ষীৰ যোৱান কঢ়িওৱা এখন বাছ দুৰ্ঘটনা গ্ৰস্ত হয় ।
জানিব পৰামতে, বাছখন গুৱাহাটীৰ পৰা হাফলং অভিমুখে গৈ আছিল ৷ গুৱাহাটীৰ বিধান সভা পৰা নিজৰ কৰ্তব্য় শেষ কৰি হাফলং লৈ উভতি অহাৰ সময়তে এই ঘটনা ঘটে । ৫ এপিবিএনৰ (5th APBN)যোৱান আছিল বাছখনত। এ এছ ০১ জিচি ১২৭৭ নম্বৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাৰ সন্দেহ ৷ আহত যোৱান সকলক প্ৰাথমিক চিকিৎসাৰ বাবে লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বাছখনত ২৫ পৰা ৩০জন ৫ এপিবিএনৰ জোৱান থকাৰ ধাৰণা কৰিছে আৰক্ষীয়ে। এই ঘটনাত ক্ৰমেও ২৫ গৰাকী জোৱান আহত হয়। ঘটনা স্থলীত লামডিং আৰু হোজাই আৰক্ষী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ স্থানান্তৰ কৰে।
