কামৰূপ, ১৭ ফেব্ৰুৱাৰী : ড্ৰাগছৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত ৰঙিয়াত ড্ৰাগছৰ লগত জড়িত দুজনক আটক কৰা হৈছে। লোক দুজন হৈছে ৰঙিয়াৰ বালাগাঁৱৰ ইচাহক আলী আৰু আচলম আলী । ধৃত লোককেইজনৰ পৰা উদ্ধাৰ কৰা হৈছে ড্ৰাগছসহ কেইবা লাখ টকা ।
এক গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা ৰঙিয়া আৰক্ষীয়ে বালাগাঁৱত অভিযান চলাই ইচাহক আলীৰ ঘৰত চাবোনৰ বাকচত ২২ গ্ৰাম হেৰ’ইন জব্দ কৰে। লগতে ড্ৰাগছ ব্যৱসায়ত সহায় কৰা জেহিৰুল আলীৰ ঘৰৰ পৰা ৩লাখ ৬৫ হাজাৰ টকাও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
