মৰিগাঁও, ১৬ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজি ইংৰাজী বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হৈছে ২০২৪ শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা।
পোন প্ৰথমবাৰৰ বাবে কিছু নতুন নিয়মেৰে ছেবাই অনুষ্ঠিত কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত পুৱাৰে দেখিবলৈ পোৱা গ’ল শিক্ষাৰ্থী সকলক লৈ পৰিয়ালৰ লোকে আহিছে এইদৰে। উল্লেখ্য যে, পৰীক্ষা কেন্দ্ৰটোত ২০২৪ শিক্ষা বৰ্ষত মুঠ ১০১৩ গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষা কেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈছে পৰীক্ষা।
