কলকাতা, ১৫ ফেব্ৰুৱাৰী : পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে সন্দেশখালি সন্দৰ্ভত এক প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক দাখিল কৰিছে। এই প্ৰতিবেদনত আৰক্ষীয়ে অশান্ত উপাদানৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। বৃহস্পতিবাৰে এই তথ্য দিয়ে ৰাজভৱনৰ এগৰাকী বিষয়াই।
শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেইখ আৰু তেওঁৰ সমৰ্থকসকলৰ কথিত অত্যাচাৰৰ বিৰুদ্ধে সন্দেশখালীৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বসুৱে প্ৰতিবেদনত কয়, ‘সন্দেশখালীৰ ৰাইজে বিশেষ টাস্ক ফ’ৰ্চ বা বিশেষ তদন্তকাৰী দল গঠনৰ দাবী জনাইছে। মোৰ মতে তাত থকা পৰিস্থিতি অত্যন্ত নিন্দনীয়। ৰাজ্যপালগৰাকীয়ে প্ৰতিবেদনত উল্লেখ কৰিছে যে আৰক্ষীয়ে অভিযোগ দাখিল কৰাৰ পৰিৱৰ্তে স্থানীয় ৰাইজক অশান্ত উপাদানৰ সৈতে আপোচ কৰিবলৈ পৰামৰ্শ দিছে।
