নগাঁও, ০১ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ ৰূপহীহাটৰ তেলীয়াচাপৰিত কালি নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। মহৰ উদ্দিন নামৰ লোক জনৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাটো।
বিধ্বংসী জুইৰ লেলিহান শিখাত চাৰিটাকৈ বাসগৃহ জুইত ভস্মীভূত হয়। কেইবা লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে জুইত জাহ যায় সকলো নথিপত্ৰ। এটা ঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ চাৰিটাকৈ ঘৰত জুই বিয়পি পৰে । স্থানীয় ৰাইজে জুই নুমাবলৈ চেষ্টা কৰে যদিও জুইয়ে চানি ধৰে চাৰিটা বাসগৃহ।
