গোলাঘাট, ৩০ জানুৱাৰী : গোলাঘাটৰ পুৰণা আমোলাপট্টিত আৰক্ষীৰ অভিযান চলাই জব্দ কৰে ১১ লাখ ২০ হাজাৰ টকাৰ জাল নোট জব্দ কৰা হয় ৷ পুৰণা আমোলাপট্টিৰ অৰুনাভ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে জাল নোটখিনি ৷
ইতিমধ্যে দিনৰ ভাগতেই অৰুনাভ হাজৰিকাক সোধপোছৰ বাবে আটক কৰিছিল অৰুনাভক ৷ অৰুনাভক আটক কৰাৰ পিছতেই বহু জাল নোট ব্যৱসায়ী আটক হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে আৰুনাভক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পিছত প্ৰকৃত ঘটনাৰ লগত কোন কোন ব্যক্তি জড়িত হৈ আছে পোহৰলৈ আহিব ৷
