গুৰু ৰন্ধাৱা আৰু ছাই এম মঞ্জৰেকাৰৰ ছবি ‘কুচ খট্টা হো জায়ে’ টিজাৰ পোষ্টাৰেৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। আজি মুক্তি পালে ছবিখনৰ টিজাৰ। ছবিখনত গুৰু ৰন্ধাৱা আৰু ছাই মঞ্জৰেকাৰৰ মাজত এক একা-বেকা প্ৰেম কাহিনী চিত্ৰিত কৰা হৈছে। কিছুমান আকৰ্ষণীয় টুইষ্ট এণ্ড টাৰ্ণ আৰু এটা উন্মাদ পৰিয়ালেৰে ভৰা এই টিজাৰটোৱে দৰ্শকক নিশ্চিতভাৱে হাঁহিবলৈ বাধ্য কৰিব।
‘কুচ খট্টা হো যায়’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছে গুৰু ৰান্ধৱাই। ইয়াৰ লিডিং লেডী ছাই মাঞ্জৰেকাৰৰ সৈতে এই ছবিখনে বহুত মজাৰ আৰু ছুপাৰ কুল ৱাইবছ দিছে। অমিত ভাটিয়া প্ৰডাকচনৰ এই ছবিখনত অনুপম খেৰ আৰু ইলা অৰুণকো দেখা যাব।
গুৰু ৰন্ধাৱা আৰু ছাই এম মঞ্জৰেকাৰ অভিনীত এই ছবিখন হৃদয়স্পৰ্শী পাৰিবাৰিক কমেডী ছবি। ইয়াৰ প্ৰযোজক মাচ ফিল্মছ আৰু অমিত ভাটিয়াই। অহা ১৬ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাবলগীয়া এই পান ইণ্ডিয়া ছবিখনে আপোনালোকক জগাই তুলিব আৰু একে সময়তে আপোনালোকৰ হৃদয় স্পৰ্শ কৰাটো নিশ্চিত। কুচ খট্টা হো জায়ে পৰিচালনা কৰিছে জি. অশোক আৰু প্ৰযোজনা কৰিছে অমিত আৰু লভিনা ভাটিয়াই।
