ডুবাই, ৩০ জানুৱাৰী : ভাৰতৰ অল ৰাউণ্ডাৰ দীপ্তি শৰ্মাই মঙলবাৰে প্ৰকাশ পোৱা শেহতীয়া আই চি চি মহিলা টি-২০ বলিং ৰেংকিঙত যৌথভাৱে দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে সোঁহাতৰ বেগী বলাৰ ৰেণুকা সিং ঠাকুৰে দশম স্থানলৈ উন্নীত হৈছে।
এতিয়া পাকিস্তানৰ বাওঁহাতৰ অফ স্পিনাৰ সাদিয়া ইকবালৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে দীপ্তি। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেল দুখন খেলত মাত্ৰ এটা উইকেট দখল কৰি দ্বিতীয় স্থানৰ পৰা পঞ্চম স্থানলৈ পিছলি যোৱা দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ ননকুলুলেকো ম্লাবাৰ দুৰ্বল ফৰ্মৰ বাবেও দীপ্তীয়ে লাভৱান হৈছে।
ইংলেণ্ডৰ ছফী এক্লেষ্টোন হৈছে বিশ্বৰ শীৰ্ষ টি-২০ বলাৰ। ইফালে, শীৰ্ষ দহটা অল-ৰাউণ্ডাৰৰ ৰেংকিঙত কোনো পৰিৱৰ্তন হোৱা নাই আৰু দীপ্তী চতুৰ্থ স্থানত আছে।
বেটিং ৰেংকিঙত ভাৰতৰ উপ-অধিনায়ক স্মৃতি মান্ধনাই সকলো ভাৰতীয় খেলুৱৈৰ আগত চতুৰ্থ স্থান লাভ কৰাৰ বিপৰীতে জেমিমাহ ৰড্ৰিগেছ, শ্বাফলী ভাৰ্মা আৰু হৰমনপ্ৰীত কৌৰে ক্ৰমে ১৩, ১৬ আৰু ১৭ নম্বৰ স্থানত আছে।
