কামৰূপ, ২১ জানুৱাৰী (হি স)। কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত অসম জাতীয় পৰিষদৰ দলীয় সভা এখন অনুষ্ঠিত হৈ যায়। এই সভাতে অসম জাতীয় পৰিষদৰ নৱ গঠিত বকো-ছয়গাঁও সমষ্টিৰ ”সমষ্টি সমিতি” খন গঠন কৰা হয়। শনিবাৰে বিয়লি বকোৰ বন্দাপাৰাত অনুষ্ঠিত সাধাৰণ সভাত এই সমিতিখন গঠন কৰা হয়।
ষ্টিফেন চাংমাক সভাপতি হিচাপে গঠন কৰা সমষ্টি সমিতিখনত ডিম্বেশ্বৰ বসুমতাৰী, দিগন্ত খাখলাৰী আৰু অজয় ৰাভাক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। এই সভাত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী। সভাত উপস্থিত থাকে দলৰ জনজাতি শক্তি আহ্বায়ক মনোজ বসুমতাৰী আৰু জিলা সমিতিৰ যুৱ শক্তিৰ উপ-সভাপতি দীপজ্যোতি বৈশ্যকে কেইবাজনো নেতা-কৰ্মী। এই সভাতেই অসম জাতীয় পৰিষদত বহুকেইজন লোকে দলত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
