
হাইলাকান্দি, ১৬ জানুৱাৰী (হি স)। বাৰ্মিজ গৰুৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্য়াহত আছে। শেহতীয়া অভিযানত জব্দ কৰা হৈছে ৯ টা বাৰ্মিজ গৰু । হাইলাকান্দিৰ লক্ষীনগৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৯ টা বাৰ্মিজ গৰু ভৰ্তি এখন ট্ৰাক।
মিজোৰামৰ পৰা হাইলাকান্দি হৈ কৰিমগজ্ঞ লৈ যোৱাৰ সময় লক্ষীনগৰ আৰক্ষীয়ে জব্দ কৰে এই গৰু ভৰ্তি নম্বৰ বিহীন এই ট্ৰাক খন। ট্ৰাকৰ চালক অক্তামুল হক লস্কৰক গ্ৰেপ্তাৰ কৰিছে লক্ষীনগৰ আৰক্ষীয়ে । বৰ্তমানে ট্ৰাকৰ চালকক গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । জব্দ কৃত বাৰ্মিজ গৰুৰ বজাৰ মুল্য ১৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
