–হিতাধিকাৰীক তিনিদিনৰ ভিতৰত গৃহ নিৰ্মাণ কাম সম্পূৰ্ণৰ সকিয়নি
ধুবুৰী, ০৯ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিষখোৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নিৰ্মাণত হিতাধিকাৰীৰ হেমাহী পোহৰলৈ আহিছে। ধন আদায়ৰ পিছতো সম্পূৰ্ণ কৰা নাই গৃহ নিৰ্মাণৰ কাম। ইফালে যোৱাকালি সোমবাৰে বিয়লি গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়া মানসজ্যোতি বৈশ্যই আৰক্ষীৰ সৈতে উপস্থিত হয় হিতাধিকাৰীৰ গৃহত। নিৰ্মাণ কামৰ বুজ লোৱাৰ লগতে অৰ্ধনমিত গৃহৰ কাম তিনিদিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দ্দেশ দিয়ে। অন্যথা ব্যবস্থা গ্ৰহণ কৰিব বুলিও সকিয়নি দিয়ে।
উল্লেখ্য যে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ২০২০-২১ বৰ্ষৰ অধীনত বিষখোৱা গাঁও পঞ্চায়তত ৫০৬ গৰাকী হিতাধিকাৰীক গৃহ আবন্টন প্ৰদান কৰে। যদিও ৪৯ গৰাকীকৈ হিতাধিকাৰীৰ গৃহ অসম্পূৰ্ণ অৱস্থাত আছে। অসম্পূৰ্ণ অৱস্থাত থকা হিতাধিকাৰীৰ গৃহত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে উপস্থিত হৈ নিৰ্মান কামৰ বুজ লোৱাৰ লগতে তিনি দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দ্দেশ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
