নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। দ্বিতীয় খেলো ইণ্ডিয়া চাব জুনিয়ৰ মহিলা হকী লীগ – দ্বিতীয় পৰ্যায়ৰ অষ্টম দিনা জয় ভাৰত হকী একাডেমী, সাই বল দল আৰু সাই শক্তি দলে নিজ নিজ খেলত জয় পঞ্জীয়ন কৰে।
জয় ভাৰত হকী একাডেমীৰ এক দৰ্শনীয় জয় পঞ্জীয়ন:
দিনটোৰ প্ৰথমখন খেলত জয় ভাৰত হকী একাডেমীয়ে ভাই বাহলো হকী একাডেমী ভগতাক ৪-১ গ’লত পৰাস্ত কৰে। জয় ভাৰত হকী একাডেমীৰ হৈ নিশা (৩৫’, ৫১’) আৰু অনিতা দেৱীয়ে (৩৬’, ৪৮’) দুটাকৈ গ’ল দিয়াৰ বিপৰীতে ভাই বেহলো হকী একাডেমী ভগতাৰ একমাত্ৰ গ’ল অধিনায়ক ৰাশিৰ (৫৯’) ষ্টিকৰ পৰা আহিছিল।
ছাই বাল দলৰ সহজ জয়:
দিনটোৰ দ্বিতীয়খন খেলত সাই বাল দলে অনন্তপুৰ স্প’ৰ্টছ একাডেমীক ৭-০ গ’লত পৰাস্ত কৰে। বন্দনা (৩’, ৮’) আৰু অধিনায়ক লালতালাঞ্চুংগীয়ে (৩৭’, ৪৯’) দুটাকৈ গ’ল দিয়াৰ বিপৰীতে শান্তি হোৰো (১১’), মুটুম প্ৰিয়া দেৱী (৩০’) আৰু নিধি (৬০’) এটাকৈ গ’ল দিয়ে।
সাই শক্তি দলৰ ব্যাপক জয় পঞ্জীয়ন:
দিনটোৰ তৃতীয়খন খেলত সাই শক্তি দলে ওড়িশা নেভল টাটা হকী হাই পাৰফৰমেন্স চেণ্টাৰক ৩-০ গ’লত পৰাস্ত কৰে। বিন্তি মিনজে (৯’, ১৪’) দুটা গ’ল দিয়াৰ বিপৰীতে ৰাবীনা (১৬’) দলৰ হৈ পেনাল্টি কৰ্ণাৰ ৰূপান্তৰিত কৰি দলটোৱে কোনো গ’ল নোখোৱাকৈয়ে খেলখন জয়ী হয়।
হিন্দুস্থান সমাচাৰ/ সুনীল/মনোজ
