নগাঁও, ০৭ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ চামগুৰিৰ মোৱামাৰী আৰক্ষী চকীৰ আৰক্ষীৰ জোৱানক কালি নিশা প্ৰহাৰ দুৰ্বিত্তৰ।বজাৰ কৰিবলৈ গৈ থকা অৱস্থাত পথত আগুচি ধৰি প্ৰহাৰ আৰক্ষীৰ জোৱানক। সুৰাপান কৰি তিনি লোকে কৰে আক্ৰমণ।
আঘাতপ্ৰাপ্ত জোৱান কেইজন সঞ্জীৱ দাস আৰু জালাল উদ্দিন আহমেদক কাৱৈমাৰি এফআৰইউ ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। এজনক ঘটনা স্থলীৰ পৰা আটক কৰে আৰক্ষীয়ে, আটক কৰা লোক জনৰ নাম হৈছে জুলহাছ আলি, বৰ্তমানেও পলাতক গাফাৰ আৰু ৰকী ।আৰক্ষী জোৱানক প্ৰহাৰ কৰা তিনিও লোকৰ বিৰুদ্ধে পূৰ্বৰে আছে বহু অসামাজিক কামৰ সৈতে জৰিত থকাৰ অভিযোগ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
