
কামৰূপ, ২২ ডিছেম্বৰ (হি.স.): বাইহাটা চাৰিআলিৰ ভোমোলাহাটীত খাদ্যত বিষক্ৰিয়া সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ভোমোলহাটীৰ এটি পৰিয়ালে দৈ সেৱন কৰি অসুষ্ঠ হৈ পৰে।
জানিব পৰামতে সুক্তাগুৰিৰ টফিকুল আলিৰ পৰা ঘৰতে তৈয়াৰী দৈ ক্রয় কৰিছিল ভূক্তভোগী পৰিয়ালটোৱে ৷ আৰু সেই দৈ ভৃহস্পতিবাৰে সন্ধিয়া সেৱন কৰাৰ পিছত বিষক্ৰিয়া হোৱা বুলি জনায় পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ গোটেই কেইগৰাকী ব্যক্তি বর্তমান বিষক্ৰিয়াত আক্ৰান্ত হৈছে। আক্ৰান্তসকলক বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্রত ভর্তী কৰোৱা হৈছে। পৰিয়ালৰ লোকে দৈ বিক্রী কৰা টফিকুল আলিক বিষক্রিয়া হোৱা বুলি জনোৱাত তেওঁ পূর্বেও এনেধৰণৰ ঘটনা হোৱা বুলি জনায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
