নতুন দিল্লী, ১৮ ডিছেম্বৰ (হি.স.)। আজি (সোমবাৰ)ৰ পৰা ২৩ ডিছেম্বৰলৈ তিনিখন ৰাজ্য পশ্চিম বংগ, তেলেংগানা আৰু ৰাজস্থান ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। আজি খৰগপুৰৰ আই আই টিৰ ৬৯ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। ইয়াৰ পিছত ব’লাৰুমত (ছেকেণ্ডৰাবাদ) অৱস্থিত ‘ৰাষ্ট্ৰপতি নিলায়ম’ত উপস্থিত হ’ব। এই তথ্য পিআইবিৰ বিজ্ঞপ্তিত শ্বেয়াৰ কৰা হৈছে।
প্ৰকাশিত বাতৰি অনুসৰি, পিছদিনা মঙলবাৰে হায়দৰাবাদত হায়দৰাবাদ পাব্লিক স্কুল ছ’চাইটিৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২০ ডিছেম্বৰত তেলেংগানাৰ যাদাদ্ৰী ভুৱনাগিৰি জিলাৰ পোচমপল্লীত বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত খণ্ড (হেণ্ডলুম এণ্ড স্পিনিং ইউনিট) আৰু থিম পেভিলিয়ন পৰিদৰ্শন কৰিব। স্থানীয় শিপিনীৰ সৈতেও মত বিনিময় কৰিব।
সন্ধিয়া ছিকেণ্ডৰাবাদত অনুষ্ঠিত হোৱা এম এন আৰ এডুকেচনেল ট্ৰাষ্টৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২১ ডিছেম্বৰত ৰাষ্ট্ৰপতি নিলায়মত বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। পিছদিনা ৰাষ্ট্ৰপতি নিলায়মত ৰাজ্যিক বিশিষ্ট ব্যক্তি, বিশিষ্ট নাগৰিক, শিক্ষাবিদ আদিৰ বাবে ঘৰতে অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব ৰাষ্ট্ৰপতিয়ে। ২৩ ডিছেম্বৰত ৰাজস্থানৰ পোখৰাণত লাইভ ফায়াৰিঙৰ অনুশীলন প্ৰত্যক্ষ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
