প্ৰাইম ভিডিঅ’ই আজি মুকলি কৰিলে এমাজন অৰিজিনেল ফিল্মি ‘ড্ৰাই ডে’ (Amazon Original Movie ‘Dry Day’) ৰ ট্ৰেইলাৰ। ড্ৰাগছ আসক্তি, প্ৰেম আৰু পাৰিবাৰিক ত্যাগক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী ঘূৰি আছে। ছবিখনৰ সৌৰভ শুক্লা পৰিচালক হোৱাৰ লগতে এম্মাই এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে মনীষা আদৱানী, মধু ভগৱানী আৰু নিখিল আদৱানীয়ে। এই কমেডী নাটক ছবিখনত জিতেন্দ্ৰ কুমাৰ, শ্ৰিয়া পিলগাঁওকাৰ আৰু অনু কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
২২ ডিছেম্বৰত মুক্তি পাবলগীয়া ‘ড্ৰাই ডে’ ছবিখনৰ এক্সক্লুছিভ প্ৰিমিয়াৰ হ’ব। প্ৰাইম ভিডিঅ’ত প্ৰকাশিত ‘ড্ৰাই ডে’ ছবিখনৰ কাহিনীত এজন নায়কে সমাজৰ নীতি-নিয়ম আৰু পৰম্পৰাৰ বিৰুদ্ধে থিয় দিয়াৰ কাহিনী। নায়কে নিজৰ সন্তানৰ স্বাৰ্থত নীতি-নিয়মক প্ৰত্যাহ্বান জনোৱা দেখুওৱা হৈছে। এই কমেডী-নাটকখনৰ ট্ৰেইলাৰে নিষেধাজ্ঞাৰ সামাজিক প্ৰভাৱক গভীৰভাৱে অন্বেষণ কৰিছে, সামাজিক প্ৰাসংগিকতাৰ মাজত শিপাই থকা এক চিন্তা-উদ্দীপক আখ্যান আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
