আইজল, ১৪ ডিছেম্বৰ (হি.স.): স্থানীয় আৰক্ষী বিষয়াৰ সহযোগত অসম ৰাইফলছে ম্যানমাৰৰ পৰা অহা দুজন গাঞ্জা চোৰাং ব্যৱসায়ীক মিজোৰামত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে। অসম ৰাইফলছে আজি আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে যে ম্যানমাৰৰ সীমান্তৱৰ্তী মিজোৰামৰ পূব অংশৰ চম্ফাই জিলাৰ পৰা গাঞ্জাখিনি উদ্ধাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা দুজনক ম্যানমাৰৰ নাগৰিক ক্ৰমে ২৫ বছৰীয়া গিনচিয়াচিয়ামা আৰু ৩৫ বছৰীয়া থানলামচিনা বুলি চিনাক্ত কৰা হৈছে।
এক গোপন সূত্ৰৰ পম খেদি চলোৱা এটা অভিযানৰ সময়ত দুয়োকে জিম্মাত লোৱা হৈছিল। আটকাধীন চোৰাং ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত ৰাজ্যিক আবকাৰী আৰু নিচাজাতীয় সামগ্ৰী বিভাগৰ সহযোগত অসম ৰাইফলছৰ দ্বাৰা এক যুটীয়া অভিযান আৰম্ভ কৰা হয়। ম্যানমাৰ সীমান্তৰ ওচৰৰ জিলাখনৰ জোটে নামৰ গাঁৱত এই অভিযান আৰম্ভ কৰা হৈছিল।
এই অভিযানৰ সময়ত, ১০.৭৩ লাখ টকা মূল্যৰ গাঞ্জা উদ্ধাৰ কৰা হয়। পিছত, গাঞ্জা জব্দ কৰাৰ লগে লগে, চোৰাং ব্যৱসায়ী দুজনক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় আৰু মিজোৰাম আৰক্ষীক গতাই দিয়া হয়।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
