কৰিমগঞ্জ, ১১ ডিছেম্বৰ (হি.স .): ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিত অভিযানৰ অধীনত কৰিমগঞ্জ জিলাত ব্যাপক সফলতা দেখা গৈছে। আৰক্ষীৰ অভিযানত ড্ৰাগছ চোৰাং ব্যৱসায়ী বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে ধৰা পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি কৰিমগঞ্জ আৰক্ষীৰ এটা বিশেষ দলে নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত এখন বাহন আটক কৰে আৰু ১০,০০০ য়াবা টেবলেট উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে আজি জানিবলৈ দিয়ে। এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
