


গুৱাহাটী, ০২ ডিছেম্বৰ, (হি.স) । ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত মালয়বাৰী ৰাস মহোৎসৱত শুক্ৰবাৰে নিশা কৰিশ্মা নাথে নাম পৰিৱেশন কৰে। কৰিশ্মাৰ নাগাৰা নাম চাবলৈ উপস্থিত হয় সাংসদ কুইন ওজা। বিশাল জনসমুদ্ৰত কৰিশ্মা নাথে পৰিৱেশন কৰিলে এটাৰ পাচত আনটো নাগাৰা নাম।
নামৰ তালে তালে নাচি উঠিল অশিতিপৰ আইতাও। সাংসদ কুইন ওজাইয়ো বিশেষভাৱে সম্বৰ্ধনা আগবঢ়ালে কৰিষ্মা নাথক। কেইবা সহস্ৰাধিক শ্ৰোতা-দৰ্শকেৰে ষষ্ঠ নিশা লোকাৰণ্য হৈ পৰে মহোৎসৱস্থলী । উল্লেখ্য যে ৪৬ সংখ্যক বৰ্ষৰ বাবে ৯ দিনীয়াকৈ আয়োজন কৰা এইবেলিৰ মালয়বাৰী ৰাস মহোৎসৱত বিশাল দৃষ্টিনন্দন তোৰণ আৰু মৃন্ময় মূৰ্তি সমূহে আকৰ্ষণ কৰিছে ৰাইজক।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ
