গুৱাহাটী, ২৮নৱেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ শৰাইঘাটত সোমবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলাওতে দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত বিশেষ টাস্ক ফ’ৰ্চ অসমৰ এটা দলে গুলীচালনা কৰে। আৰক্ষী অবগত কৰা অনুসৰি এছ টি এফ(স্পেচিয়েল টাক্স ফোৰ্চ) অসমে অতি কম সময়ৰ পুৰ্বে পঞ্জীয়ন নম্বৰ এ এছ ২৫ইচি ৪৪৬৪ নম্বৰৰ টাটা ডি আই বাহন খনে মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই আনিব বুলি তথ্য লাভ কৰাৰ পিছতে ‘শৰাইঘাটত এখন চাৰিচকীয়া গাড়ী আটক কৰে।
সংবাদ মাধ্যমত এছটিএফ অসমে কয়, ‘শৰাইঘাটত এখন চাৰিচকীয়া গাড়ী আটক কৰা হই যদিও আৰক্ষীৰ উপস্থিতিৰ পাই ড্ৰাগছ সৰবৰাহকাৰী সকলে চাংসাৰি অভিমুখে পলায়ন কৰে। ড্ৰাগছ সৰবৰাহকাৰী সকলক কৰায়ত্ব কৰাৰ উদ্দেশ্যে দুটা গুলী চলোৱা হৈছিল।”
তালাচী অভিযানৰ সময়ত গাড়ীখনৰ ভিতৰত থকা এটা গোপন চেম্বাৰৰ পৰা প্ৰায় ১৫ কোটি টকা (বজাৰ মূল্য) ৰ প্ৰায় ১.৮০ কেজি হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত বেপাৰী দুজন গাড়ীগাঁৱৰ চণু আলী আৰু জালুকবাৰীৰ অৰ্জুন বাছফোৰ বুলি জানিব পৰা গৈছে। প্রয়োজনীয় আইনী ব্যৱস্থা আৰম্ভ কৰিছে এছ টি এফ অসমে ৷ ডি আই জি এছ টি এফ পাৰ্থ সাৰথি মহন্তৰ তত্বাৱধানত অতিৰিক্ত আৰক্ষী অধীক্ষক এছ টি এফ কল্যাণ পাঠকৰ নেতৃত্বত এটা দলে এই অভিযান চলায়।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
