নগাঁও,২৬ নৱেম্বৰ (হি.স.): নগাঁৱত স্মাৰ্ট পুলিচক অংগুষ্ঠ প্ৰদৰ্শন কৰি যোৱাকালী একে নিশাই ৫ খন বাইক চুৰি হয়। চিচিটিভিত বন্দী হৈ ৰয় চোৰৰ চুৰিকাণ্ডৰ দৃশ্য। একে নিশাই নগাঁও চহৰৰ হয়বৰগাঁও অঞ্চলৰ পৰা ৫ খনকৈ বাইক চুৰি কৰা হয়।
হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খুটিকটীয়া ৰেডিঅ’চেন্টাৰৰ ওচৰৰ পৰা গেটৰ তলা ভাঙি চোৰে লৈ যায় দুখন মটৰ চাইকেল। নিলয় চন্দ্ৰ বৰুৱা নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ভৈৰব বৰদলৈৰ এএছ ২ এক্স ৩৭৮০ নম্বৰৰ পালছাৰ খন আৰু সুৰজিৎ দাসৰ এএছ ০১ এফএম ১৬৮২ নম্বৰৰ মটৰ চাইকেল (ROYAL LP HIMALAYA) খন চোৰে লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
